ETV Bharat / state

প্ৰলোভনৰ বশৱৰ্তী নহৈ মুক্ত মনেৰে ভোটদান কৰক: দীপজ্যোতি কেওট - LOK SABHA ELECTION 2024

State Election Icon: নগাঁৱত ভোটাৰ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪-ৰ ৰাজ্যিক আইকন দীপজ্যোতি কেওট ওৰফে মোহনৰ । কোনো ভয় অথবা প্ৰলোভনৰ বশৱৰ্তী নহৈ মুক্ত মনেৰে ভোটদান কৰিবলৈ আহ্বান জনাই অভিনেতাগৰাকীয়ে ।

Deepjyoti Keot urges people not to succumb to temptation and vote with an open mind
লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪-ৰ ৰাজ্যিক আইকন দীপজ্যোতি কেওট
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:14 PM IST

লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪-ৰ ৰাজ্যিক আইকন দীপজ্যোতি কেওট

নগাঁও,২৫ এপ্ৰিল: কাইলৈ অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ইতিমধ্যে সামৰণি পৰিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজতে ৰাইজ যাতে প্ৰলোভনৰ বশৱৰ্তী নহয় বা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে সেই উদ্দেশ্যে নিৰ্বাচন আয়োগে হাতত লৈছে বিশেষ ব্যৱস্থা । লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪-ৰ ৰাজ্যিক আইকন হিচাপে প্ৰান্তে প্ৰান্তে সজাগতা চলাইছে মোহন খ্যাত দীপজ্যোতি কেওট আৰু কেকে খ্যাত সিদ্ধাৰ্থ শৰ্মাই ।

মঙলবাৰে নগাঁৱত উপস্থিত হয় বেহাৰবাৰী আউট প'ষ্টৰ মোহন খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওট । দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দীপজ্যোতি কেওট ওৰফে মোহনে । মঙলবাৰে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহদত ভোটাৰ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪-ৰ ৰাজ্যিক আইকন জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে ।

সবল অভিনয় প্ৰতিভাৰে অসমবাসী ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা অভিনেতা ৰাজ্যিক আইকন দীপজ্যোতি কেওটে প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে নিজৰ পৰিচয় আগবঢ়াবলৈ আহ্বান জনায় । এখন সবল গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে প্ৰতিটো ভোটেই জৰুৰী বুলি উল্লেখ কৰি কোনো ভয় অথবা প্ৰলোভনৰ বশৱৰ্তী নহৈ মুক্ত মনৰে ভোটদানৰ বাবে আগবাঢ়ি আহিবলৈ ৰাজ্যিক আইকনগৰাকীয়ে আহ্বান জনায় ।

জিলা সহকাৰী আয়ুক্ত তথা নগাঁও নিৰ্বাচন জিলাৰ SVEEP (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ) কোষৰ সহকাৰী বিষয়া যুতিকা কুমাৰীয় আদৰণি ভাষণ আগবঢ়োৱা ভোটাৰ সজাগতা কাৰ্য্যসূচীত পাখিমৰীয়া খণ্ড উন্নয়ন বিষয়া মৌচুমী প্ৰিয়ম বৰুৱা, NULM ৰ প্ৰজেক্ট মেনেজাৰ পাৰভেজ লস্কৰ, SVEEP কোষৰ বিষয়ববীয়াসকল, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ সদস্যসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: তেজপুৰত ৰাজ্যিক নিৰ্বাচনৰ আইকন কে কে আৰু মোহন - State Election Icons KK And Mohan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.