ETV Bharat / state

শীৰ্ষস্থান প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি একাংশ শিক্ষাৰ্থীৰ - Rank holders of HS Result

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:50 PM IST

Assam HS Result Rank: বিলুপ্তি ঘটিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত স্থানপ্ৰাপক ৷ ইয়াকে লৈ সুখী একাংশ ছাত্ৰ-ছাত্ৰী ৷ ইতিবাচক দৃষ্টিৰে শিক্ষা সংদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ্থীয়ে ৷

Assam HS Result Rank
শীৰ্ষস্থান প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি একাংশ শিক্ষাৰ্থীৰ (Etv Bharat Assam)

গুৱাহাটী, 9 মে’ : 36 বছৰীয়া পৰম্পৰা ভংগ কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । এই বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিলুপ্তি ঘটোৱা হ’ল শীৰ্ষ স্থান ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত শীৰ্ষ স্থান উঠাই লোৱাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যৰ শৈক্ষিক মহলত ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।

কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় যে প্ৰতিবছৰে ২০-৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ স্থান দখল কৰে । বহু ছাত্ৰ-ছাত্ৰী আছে, যিয়ে ১-২ নম্বৰৰ বাবে শীৰ্ষ স্থান দখল নকৰে । যাৰ বাবে তেওঁলোকৰ মন ভাগি যায় । এতিয়াৰ পৰা তেনেকুৱা নহয় বুলি মন্তব্য কৰিছে একাংশ শিক্ষাৰ্থীয়ে ৷

পৰিষদে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আদৰণীয় পদক্ষেপ বুলি উল্লেখ কৰি শিক্ষাৰ্থীসকলে কয় যে শিক্ষাগ্ৰহণ নম্বৰমুখী নহৈ জ্ঞানমুখী হ’ব লাগে । শীৰ্ষস্থান থাকিলে শীৰ্ষস্থান নোপোৱাসকলক সমাজে বেলেগধৰণে চায় বুলি কয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ যিসকলে শীৰ্ষস্থান পাব বুলি আশা কৰে, তেওঁলোকে আশাপ্ৰদ স্থান লাভ নকৰিলে মানসিকভাৱে ভাগি পৰে বুলিও মন্তব্য কৰে শিক্ষাৰ্থীসকলে । উল্লেখযোগ্য যে 1986 পৰা 2023 চনলৈ পৰম্পৰাগতভাৱে চলি অহা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষস্থান প্ৰাপকৰ নাম ওলাই আহিছিল ৷ এইবাৰ স্থানপ্ৰাপক অবিহনে ওলাল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷

বৃহস্পতিবাৰে ফলাফল ঘোষিত হোৱাৰ পিচতে স্থানৰ সম্পৰ্কত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰীয়ে কয় , ‘‘স্থান এটা অস্বাস্থ্যকৰ প্ৰতিযোগিতা । স্থানপ্ৰাপকৰ বিষয়ত বহুতে সপক্ষে, বহুতে বিপক্ষে যুক্তি দাঙি ধৰি আহিছে । এইবাৰ পৰীক্ষা সমিতিত এই বিষয়ে উত্থাপন কৰাৰ পিচতে সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে এইবাৰৰ পৰা স্থানপ্ৰাপক নাথাকিব । সেইবাবে এইবাৰৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে ।’’

লগতে পঢ়ক: ৰেংকৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কোনো লাভ নহয়: শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.