ETV Bharat / state

শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান পাটেকীবড়ি সত্ৰৰ সত্ৰাধিকাৰৰ - Death anniversary of Sankardev

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 3:45 PM IST

Srimanta Sankardev: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে উখল-মাখল পৰিবেশ গুৰুজনাৰ পবিত্ৰ জন্মস্থান আলিপুখুৰীৰ লগতে বটদ্ৰৱা থানত । পুৱাৰে পৰা গুৰু বন্দনাৰে মুখৰিত বটদ্ৰৱা থান ৷

Srimanta Sankardev
শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি (ETV Bharat Assam)

নগাঁও/ধিং, 4 ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি । গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানতো পুৱাৰে পৰাই বিৰাজ কৰিছে এক উখল-মাখল পৰিবেশ । পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে উখল-মাখল হৈ পৰে বটদ্ৰৱা থান ।

গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি দুদিনীয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা থানত ৷ গুৰুজনাৰ আশিস বিচাৰি পুৱাৰ পৰাই ভিৰ কৰে ভক্তপ্ৰাণ লোকে । নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান । শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত 'গুৰু কীৰ্তন' হিচাপে পালন কৰা হয় । বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে । এই বছৰো হোৱা নাই কোনো ব্যতিক্ৰম ।

ধৰ্মীয় পৰম্পৰাৰে মঙলবাৰৰ পৰাই আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰে চলি আছে তিৰোভাৱ তিথিৰ কাৰ্যসূচী । ইফালে পুৱাৰে পৰা ঊষা কীৰ্তনকে কৰি বটদ্ৰৱাৰ চৌপাশ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে ।

আনহাতে মঙলবাৰে সন্ধিয়াৰ পৰা বটদ্ৰৱা থানলৈ আগমন ঘটা শ শ ভক্তপ্ৰাণ লোকক আদৰণি জনায় বটদ্ৰৱা থান পৰিচলানা তদৰ্থ কমিটীয়ে । পবিত্ৰ ভাদ মাহ উপলক্ষে বটদ্ৰৱা থানত চলি আছে 14 প্ৰসংগ । ইয়াৰ মাজতে বুধবাৰে আইসকলৰ নাম, খোল প্ৰসংগ আদিৰ ধ্বনিত মুখৰ হৈ পৰে বটদ্ৰৱা থান ৷

ইফালে শংকৰদেৱৰ জন্মস্থান আলিপুখুৰীৰ পাটেকীবড়ি সত্ৰটো গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে নাম-প্ৰসংগৰে গুৰুবন্দনা কৰা দেখা গৈছে ৷ পুৱাৰ পৰাই পাটেকীবড়ি সত্ৰত নাম-কীৰ্তনৰ লগতে চলি আছে বিভিন্ন কাৰ্যসূচী ৷ ভিন্ন ঠাইৰ পৰা অহা ভকত-বৈষ্ণৱে সত্ৰত শৰাই-শলিতা আগবঢ়াই সেৱা লোৱা দেখা গৈছে ৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে শংকৰদেৱ গুৰুজনাই যিখন সমাজ প্ৰতিষ্ঠা কৰি গ’ল, তাত যাতে কোনেও শান্তি বিঘ্নিত হোৱা কৰ্মৰে আঘাত নাহানে তাৰ বাবে আহ্বান জনাইছে পাটেকীবড়িৰ ৰাইজে ৷ অসমত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান শ্ৰীশ্ৰী আলি পুখুৰী মৈৰাবাৰী পাটেকীবড়ি সত্ৰৰ সত্ৰাধিকাৰৰ ।

লগতে পঢ়ক: সত্ৰনগৰীত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰােভাৱ তিথিত ঘোষাপাঠ - Mahapurush Srimanta Sankaradeva

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.