ETV Bharat / state

কলিয়াবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ডিমাপুৰৰ দম্পতীৰ মৃতদেহ - Couple death body Recovered

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:28 PM IST

Dead Body recovered in Jakhalabandha : কলিয়াবৰৰ ঘন জংঘলত উদ্ধাৰ হৈছে নাগালেণ্ডৰ এটা দম্পতীৰ মৃতদেহ । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Body recovered in Jakhalabandha
ৰসহস্য়জনকভাৱে উদ্ধাৰ মৃতদেহ (ETV BHARAT ASSAM)
ডিমাপুৰৰ দম্পতীৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

কলিয়াবৰ, ১০ মে': নগাঁও জিলাৰ কলিয়াবৰৰ ঘন জংঘলত শুকুৰবাৰে ৰহস্য়জনক অৱস্থাত উদ্ধাৰ হৈছে ডিমাপুৰৰ এটা দম্পতীৰ মৃতদেহ । জিলাখনৰ কলিয়াবৰৰ জখলাবন্ধা বাঘজান অকতা শিলৰ ঘন জংঘলত দম্পতীটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই চাঞ্চল্য়ৰ সৃষ্টি হৈছে ।

নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা এই দম্পতীটোৰ মৃতদেহ কি পৰিস্থিতিত ইয়াত উদ্ধাৰ হৈছে, সেইলৈ ৰাইজৰ মাজত চলিছে চৰ্চা । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি দম্পতীটোক প্ৰত্য়ক্ষ কৰাৰ সময়ত প্ৰথম অৱস্থাত মহিলাগৰাকী জীয়াই আছিল যদিও উদ্ধাৰৰ কিছুসময় পিচতেই মৃত্য়ুমুখত পৰে । স্থানীয় ৰাইজে লগে লগে জখলাবন্ধা থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

এই সন্দৰ্ভত জখলাবন্ধা থানাৰ আৰক্ষী বিষয়াই কয় যে, মৃতদেহৰ ওচৰত উদ্ধাৰ হোৱা পানকাৰ্ডৰ তথ্য় অনুসৰি দম্পতীটোৰ নাম বালাৰাম চেত্ৰী (৬৫) আৰু পবিত্ৰা দেৱী (৪৩) । দম্পতীটোৱে বিষপান কৰাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে । কিয়নো দম্পতীটোৰ মৃতদেহৰ ওচৰত এটা কীটনাশকৰ বটল উদ্ধাৰ হৈছে ।

ডিমাপুৰৰ পৰা আহি কিয়, কি কাৰণত ইয়াত মৃত্যু হ'বলগা হ'ল সেই তথ‍্য পোহৰলৈ অহা নাই যদিও দম্পতীটোৱে আত্মহত্য়া কৰাৰ সন্দেহ প্ৰকাশ কৰিছে জখলাবন্ধা থানাৰ আৰক্ষী বিষয়াই । মৃতদেহ দুটা উদ্ধাৰৰ পিচতেই শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হয় ঘটনাস্থলীত । আৰক্ষীয়ে ইতিমধ্য়ে দুয়োটা মৃতদেহৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । আৰক্ষীৰ তদন্ততহে ঘটনাটোৰ প্ৰকৃত তথ্য় পোহৰলৈ আহিব ।

উল্লেখ্য যে, এয়া কোনো দুৰ্বৃত্তৰ কাণ্ডও হ’ব পাৰে ৷ কিয়নো দিনৰ পোহৰতে হওঁক বা নিশাৰ এন্ধাৰতে হওঁক ৰাজ্যত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷

লগতে পঢ়ক:সোণাৰিৰ থুকুবলিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ: হত্য়াৰ সন্দেহ

সৰুপথাৰৰ ছেৱাগুৰি মাজুলীচুকত যুৱকৰ মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

Death Body Recovered: লখিমপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.