ETV Bharat / state

চৰ অঞ্চলৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:20 PM IST

বানত জুৰুলা মৰিগাঁৱৰ ভিন্ন প্ৰান্ত । কিছু পৰিমাণে পানী শুকাইছে যদিও আজিও দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে মৰিগাঁও জিলাৰ চৰত বাস কৰা বন্যাৰ্তই । এনে দুৰ্যোগৰ সময়ত চৰৰ বন্যাৰ্তৰ কাষত উপস্থিত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।

DC Debasish Sharma provides relief to flood victims in Morigaon
বন্যাৰ্তলৈ সাহায্য প্ৰদান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ (ETV Bharat Assam)

ধিং,১৯ জুলাই: ৰাজ্যজুৰি সৃষ্টি হোৱা বান বিভীষিকাই মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চৰ অঞ্চলতো বিস্তৰ ক্ষতিসাধন কৰে । শুকুৰবাৰে বান-বিধ্বস্ত চৰবাসীৰ কাষত উপস্থিত হয় মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । দুৰ্যোগৰ সময়ত চৰবাসীক আয়ুক্ত শৰ্মাই নিজাববীয়াকৈ কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে । আয়ুক্তগৰাকীৰ এনে মহানুভৱতাই লাভ কৰিছে বিশেষ চর্চা । এইবাৰৰ বানত চিতলমাৰী, ৰংৰাচাপৰি, গৰৈমাৰী আৰু ভজাইখাটি চৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

DC Debasish Sharma provides relief to flood victims in Morigaon
বন্যাৰ্তক সাহাৰ্য প্ৰদান (ETV Bharat Assam)

এই জলপ্ৰলয়ৰ সময়ত ব্ৰহ্মপুত্ৰৰ মাজৰ ওখ ভেটিত পোহনীয়া জীৱ-জন্তুৰ সৈতে ৰ'দে- বৰষুণে সহৱস্থান কৰিবলগীয়া হৈছে চৰৰ বন্যার্তই । এনে এক পৰিস্থিতিত এই দুর্গত বন্যাৰ্তৰ কাষত থিয় হৈ কণ কণ ল'ৰা-ছোৱালীক কিছু পৰিমাণে খাদ্যসামগ্ৰী বিতৰণ কৰি, মানৱ দৰদী জিলা আয়ুক্ত গৰাকীয়ে দাঙি ধৰিলে মানৱ সেৱাৰ নিদৰ্শন । সাহাৰ্য-সামগ্ৰীৰ সৈতে যন্ত্ৰচালিত নাৱেৰে আয়ুক্তগৰাকীয়ে চৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত চৰবাসীক খাদ্যসামগ্ৰী বিতৰণ কৰে ।

বন্যাৰ্তৰ কাষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ETV Bharat Assam)

উল্লেখযোগ্য যে আয়ুক্ত দেৱাশীষ শৰ্মাই খাদ্যসামগ্ৰী বিতৰণ কৰাৰ লগতে চৰত বানে নষ্ট কৰা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বুজ লয় । বৰ্তমান চৰত পানী শুকাবলৈ ধৰিছে যদিও চৰ-চাপৰিৰ লোকসকলৰ অৱস্থা অতি শোচনীয় হৈ আছে । এইবাৰৰ বানে মৰিগাঁও জিলাৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব । কিয়নো চৰৰ শাক-পাচলি, মৰাপাট, মাকৈ খেতি আদি শস্যৰ ওপৰত মৰিগাঁও জিলাৰ অৰ্থনীতি বহু পৰিমাণে নিৰ্ভৰ কৰে ।

চৰৰ প্ৰায় 90% মানুহৰ ঘৰ-বাৰী বানে ধ্বংস কৰিছে । এইবাৰৰ বানে চৰবাসীৰ জীৱিকাৰ ওপৰত ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: বানে কৰিলে সৰ্বস্বান্ত, এতিয়া নাই চিকিৎসাৰ সুব্যৱস্থা : টীয়কবাসীৰ দুৰ্ভোগৰ খবৰ ল’ব কোনে ? - Assam Flood 2024

জাঁজীত ভয়ংকৰ খহনীয়া;আতংকিত নৈপৰীয়া - Erosion in Amguri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.