ETV Bharat / state

দীপাংকৰ বৰ্মনৰ ওচৰত বিনিয়োগ কৰা ধন ঘূৰাই পাব নে বিনিয়োগকাৰীয়ে ! কি ক’লে ডিজিপিয়ে ? - ASSAM TRADING SCAM

Trading scam: ডি বি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰী দীপাংকৰক মঙলবাৰে গোৱাৰ পৰা গুৱাহাটীলৈ অনা হ'ব । এই সন্দৰ্ভত মন্তব্য প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধানৰ ৷

Trading scam
আজি গুৱাহাটীলৈ অনা হ'ব দীপাংকৰক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 12:22 PM IST

গুৱাহাটী : ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰা দীপাংকৰ বৰ্মনক মঙলবাৰে গুৱাহাটীলৈ অনা হ'ব । এই তথ্য সদৰী কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । মঙলবাৰে পুৱাই এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সঞ্চালক প্ৰধান জি পি সিঙে সংবাদমাধ্যমৰ আগত কয়, "মই আগতেও কৈছো, এদিন নহয় এদিন ধৰা পৰিবই । কিয়নো অপৰাধী চালাক হ'লেও, সৰু হ'লেও প্ৰমাণ এৰি যায় । এই তদন্তত চিবিআইয়ে বহুত সহায় কৰিছে । পলাই থকা সকলো খুব সোনকালে ধৰা পৰিব । আজি দীপাংকৰক গোৱাৰ পৰা গুৱাহাটীলৈ লৈ অনা হ'ব । সোমবাৰে ৩ দিনৰ ট্ৰেনজিত ৰিমাণ্ড দিয়াৰ অলপ দেৰি হ'ল বাবে আজি লৈ অনা হ'ব ।"

বিনিয়োগকাৰীয়ে ঘূৰাই পাব ধন

দীপাংকৰ বৰ্মনক বিশ্বাস কৰি ট্ৰেডিঙত বিনিয়োগ কৰাসকলক সকাৰ প্ৰদান কৰি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জি পি সিঙে কয়, "দীপাংকৰৰ সম্পত্তি বাজেয়াপ্ত কৰি বিনিয়োগকাৰীক ঘূৰাই দিয়া হ'ব ধন । আইন মতেহে ভুক্তভোগীয়ে ঘূৰাই পাব ধন । তাৰ বাবে বিনিয়োগকাৰীয়ে দিব লাগিব উপযুক্ত প্ৰমাণ । তদন্তৰ শেষত এখন কমিটীয়ে আইনমতে কামখিনি কৰিব । কিছু মাহৰ পিচতেই এই পৰ্যায়ত উপনীত হ'ম । উপযুক্ত তথ্য-প্ৰমাণ দিয়া বিনিয়োগকাৰীক অলপ হ'লেও ধন ঘূৰাই দিবলৈ সক্ষম হম ।"

উল্লেখ্য যে, ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন প্ৰায় আঢ়ৈ মাহ ধৰি আত্মগোপন কৰি আছিল । অৱশেষত দেওবাৰে মহানগৰ আৰক্ষীৰ জালত পৰিছিল দীপাংকৰ বৰ্মন । গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপাংকৰক । দীপাংকৰ বৰ্মনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ২৭ লাখ টকা আৰু সোণ । পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ লগতে প্রেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হ'ব দীপাংকৰ বৰ্মনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.