গুৱাহাটী, ৫ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল ইতিমধ্যে অন্ত পৰিছে । অহা ২৬ এপ্ৰিলত দৰং ওদালগুৰি, কৰিমগঞ্জ, নগাঁও, শিলচৰ আৰু ডিফুত পাঁচটা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
ইয়াৰ সমান্তৰালকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ মাজতে মূল যুঁজ হ'ব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে । ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা দিলীপ শইকীয়া আৰু মাধৱ ৰাজবংশীৰ সম্পত্তিৰ তালিকা পোহৰলৈ অহাৰ পিচতে কোনগৰাকী প্ৰাৰ্থী ধনী তাকে লৈ ই টিভি ভাৰতে এক প্ৰতিবেদন যুগুত কৰিছে ৷
![List Of Candidate Assets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-04-2024/as-ghy-01-darrang-udalgurils-candidate-7210645_05042024153037_0504f_1712311237_151.jpg)
পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই শপতনামাত দাখিল কৰা তথ্যমতে তেওঁৰ লগত নগদ ধন জমা আছে ৬,৭৬,৯৭৮ টকা । তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল এক কোটি ১৫ লাখ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল এক কোটি ২০ লাখ ৩৪১ টকা । শইকীয়াৰ ইউকো বেংকত আছে ১৩,৭৫৬ টকা, এছ বি আইৰ সাংসদ ভৱন শাখাত আছে ২৬,৬১,০০৬ টকা ।
![Candidates List of assets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-04-2024/as-ghy-01-darrang-udalgurils-candidate-7210645_05042024153037_0504f_1712311237_793.jpg)
আনহাতে এছ বি আইত ফিক্স ডিপজিট আছে ৪৩,৩৬০ টকা । আই চি চি আই বেংকত আছে ৩,৪৪,৩৭২ টকা । শইকীয়াৰ নামত ১,৩৭,০০০ টকাৰ অলংকাৰ আছে । শইকীয়াৰ নামত তিনিখন চাৰিচকীয়া বাহন আৰু এখন বাইক আছে ৷
ইপিনে শইকীয়াৰ পত্নীৰ নামত জমা থকা ধনৰ পৰিমাণ ৪,২২,২৮২ টকা । পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩২,২২,৫৯০ টকা । আকৌ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ১৫ লাখ টকা । তেওঁৰ নামত ৬,৫৭,০০০ টকাৰ অলংকাৰ আছে।
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে শপতনামাত দাখিল কৰা তথ্যমতে তেওঁৰ লগত নগদ ধন জমা আছে ২ লাখ টকা । তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ৯৯ লাখ টকা । আকৌ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ১৬,১৬,১৯২ টকা। এছ বি আইৰ দুটা শাখাত আছে ক্ৰমে তেওঁৰ ৩০,১৯৫ টকা আৰু ১০১১৪৭ টকা। বীমাত বিনিয়োগ আছে ১০ লাখ টকা আৰু তেওঁৰ নামত অলংকাৰ আছে ২,৮৪,৮৫০ টকা। তেওঁৰ ১৬,১৬,১৯২ টকাৰ এখন চাৰিচকীয়া বাহন আছে ।
ইপিনে ৰাজবংশীৰ পত্নীৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হ'ল ৩৫,০০০ টকা । তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল এক লাখ ৫০ হাজাৰ টকা। আকৌ তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ১৩,৪১,০০০ টকা । তেওঁৰ নামত অলংকাৰ আছে ৫,৬৯,৭০০ টকা। তেওঁৰ ৭,২০,০০০ টকাৰ এখন চাৰিচকীয়া বাহন আছে।
লগতে পঢ়ক: যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী - Lok Sabha election 2024