ETV Bharat / state

এডাল বাঁহৰ সাঁকো আৰু এখন টুলুঙা নাৱেৰে যাতায়াত মোকালনি মিচিং গাঁওবাসীৰ - Poor Transportation In Amguri

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:06 PM IST

Mitong River in Amguri: মিটং নদীত টুলুঙা নাৱৰ এখন চিনাকি ছবি ৷ বছৰটোৰ বেছিভাগ সময়েই এই টুলুঙা নাৱেৰে নদীখন পাৰ হৈ বহিঃবিশ্বৰে যোগাযোগ কৰে মোকালনি মিচিং গাঁওবাসীয়ে । প্ৰতিমুহুৰ্ততে বিপদৰ আশংকা ।

Mitong River in Amguri
উন্নয়নৰ বিপৰীত ছবি (ETV BHARAT ASSAM)

আমগুৰি, ২৩ জুন: চৰকাৰে যিমানেই বিকাশৰ কথা নকওক কিয় ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ পয়ালগাৰূপে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়াও মান্ধাতা যুগৰ যোগাযোগ ব্যৱস্থা অৱলম্বন কৰি ৰাইজে যোগাযোগ অব্যাহত ৰাখিছে ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ মোকালনিত নদীপথেৰে বিপদসংকুল যাত্ৰাই এই ভয়াৱহ ছবিখন প্ৰতিফলিত কৰিছে । মোকালনিত আজিও এখন পকী দলঙৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ।

উন্নয়নৰ বিপৰীত ছবি (ETV BHARAT ASSAM)

মিটং নদীত টুলুঙা নাৱৰ এখন চিনাকি ছবি ৷ প্ৰতিমুহুৰ্ততে বিপদৰ আশংকা । তথাপি যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ কাৰণ তেওঁলোকৰ বাবে নাই বিকল্প পথ ।

এখন বাঁহৰ জৰাজীৰ্ণ দলং, বাঁহৰ সাঁকো আৰু এখনি টুলুঙা নাৱেই অঞ্চলবাসীৰ যাতায়াতৰ একমাত্ৰ সম্বল । পূৰ্বৰ আমগুৰি সমষ্টিৰ মোকালনি মিচিং গাঁওবাসীৰ দুৰ্দশাগ্ৰস্ত জীৱন পদ্ধতি প্ৰত্য়ক্ষ কৰিলে আপোনাৰো চকু কঁপালত উঠিব । খৰস্ৰোতা মিটং নদীত অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । এই নদীখনৰ ওপৰত থকা জৰাজীৰ্ণ ভঙা বাঁহৰ দলং আৰু এদলীয়া বাঁহৰ সাঁকোৰে ইপাৰ-সিপাৰ হয় স্থানীয় লোকসকল । গৰ্ভৱতী মহিলা অথবা অসুখীয়া লোকক সাঙী কৰি নাৱেৰে বিপদসংকুলভাৱে পাৰ কৰিবলগীয়া হয় । সেয়েহে শিক্ষা,ব্যৱসায়-বাণিজ্য, স্বাস্থ্য সকলো দিশতে উপেক্ষিত হয় লোকসকল ।

লগতে পঢ়ক:Poor Transportation In Misamari:মিছামাৰীত টুলুঙা নাৱেৰে বিপদ সংকুল যাতায়ত

কোনো লোকৰ বেমাৰ হ'লে ১০৮ সেৱাই ঢুকি নাপায় । অঞ্চলটোত এখনেই প্ৰাথমিক বিদ্যালয় আছে । ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈ আহিছে । উল্লেখ্য যে মিটং নদীয়ে দুভাগ কৰা খনামুখৰ মোকালনি মিচিং গাঁৱৰ স্থানীয় লোকসকল প্ৰতিবছৰে বানত সৰ্বশ্ৰান্ত হৈ আহিছে । বাৰিষা টুলুঙা নাৱখনেই যাতায়াতৰ একমাত্ৰ সম্বল মিচিং লোকসকলৰ বাবে শিক্ষা-ব্যৱসায়-বাণিজ্য-স্বাস্থ্য সকলোতে উপেক্ষিত হৈ আহিছে । গৰ্ভৱতী মহিলাসকলে উপযুক্ত সময়ত পৰ্যাপ্ত চিকিৎসাৰ সুবিধা লাভ নকৰে । বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে বহু লোকৰ অসুখ হোৱাৰ লগতে চিকিৎসাৰ ব্যৱস্থা নথকা বাবে মৃত্যুমুখতো পৰিছে।

লগতে পঢ়ক:সোণাৰিত উন্নয়নৰ নমুনা, দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো

স্থানীয় লোকসকলে মিটং নদীত এখন পকী দলঙৰ ব্যৱস্থা কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰি ৰাস্তা-ঘাট-দলং নিৰ্মাণ কৰি আহিছে তেনে সময়তে শিৱসাগৰৰ মোকালনি মিচিং গাঁও উপেক্ষিত হৈ থকাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক:জৰাজীৰ্ণ বাঁহৰ দলঙেই যাতায়তৰ শেষ ভৰষা - Bamboo Bridge in Gaurisagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.