ETV Bharat / state

মুকালমুৱাৰ ডকাইতিকাণ্ড: আৰক্ষীৰ গুলীত আহত ডকাইত হামিদ আলী - POLICE FIRING IN NALBARI

Firing in Nalbari: নলবাৰীৰ মুকালমুৱাৰ ডকাইতিকাণ্ডৰ লগত জড়িত হামিদ আলীক আৰক্ষীৰ এনকাউন্টাৰ । আৰক্ষীৰ এনকাউন্টাৰত আহত হামিদক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়া মুখ খোলা নাই ৷

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:12 PM IST

Firing in Nalbari
মুকালমুৱাৰ ডকাইতিকাণ্ড (ETV Bharat)

নলবাৰী, ২১ জুলাই : শনিবাৰে নিশা নলবাৰীত গৰজি উঠিল আৰক্ষীৰ বন্দুক । কিছুদিন পূৰ্বে নলবাৰীৰ মুকালমুৱাৰ ডকাইতিকাণ্ডৰে জড়িত এটা ডকাইতক লক্ষ্য কৰি আৰক্ষীয়ে চলালে বন্দুক ৷ আৰক্ষীৰ বন্দুকৰ গুলীত গুৰুতৰভাৱে আহত হৈছে ডকাইতটো ৷ আহত ডকাইতটোৰ নাম হামিদ আলী ৷

জানিব পৰা মতে, শনিবাৰে নিশা ধৃত ডকাইত হামিদ আলীক লগত লৈ আৰক্ষীয়ে নলবাৰীৰ চকীৰ ঘাটত অভিযান চলাব যায় ৷ এই অভিযানৰ সময়তে আৰক্ষীৰ চকুত ধূলি পলায়নৰ চেষ্টা চলাইছিল হামিদ আলীয়ে ৷ তেতিয়াই আৰক্ষীয়ে হামিদ আলীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ জানিব পৰা মতে, ইতিমধ্যে গুলীবিদ্ধ ডকাইতটোক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : আৰক্ষীৰ সন্মুখতেই বিজেপি নেতাক গুলীয়ালে অৱসৰপ্ৰাপ্ত সেনা জোৱানে - RETIRED SOLDIER SHOT BJP LEADER

অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো তথ্য সদৰী কৰা নাই ৷ কিন্তু জানিব পৰা মতে, নলবাৰী আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে নিজৰ কাম কৰি আছে ৷ জানিব পৰা মতে, নিশা আন এটা ডকাইতক আটক কৰে আৰক্ষীয়ে । আদাবাৰীৰ বাঘেশ্বৰীৰৰ পৰা আটক কৰা দ্বিতীয়টো ডকাইতৰ নাম কংকন ডেকা ।

উল্লেখ্য যে, শুকুৰবাৰে বিয়লি নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ মুকালমুৱাৰ দমদমা পথাৰত বাইকেৰে অহা তিনি দুৰ্বৃত্তই ব্যৱসায়ী জাকিৰ হুছেইনৰ বাওঁভৰিত গুলীয়াই ১০ লাখ টকা লুটি লৈ যায় ধন ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

এই ঘটনাৰ পাচতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে নলবাৰী আৰক্ষী । ফুটগধূলিতে জিলাখনৰ এটা প্ৰান্তৰ মূলপথত সংঘটিত হোৱা এই ডকাইতিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷

লগতে পঢ়ক : নলবাৰীত ব্যৱসায়ীলৈ গুলী : দুৰ্বৃত্তই লুটি নিলে ধন - Armed robbery in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.