ETV Bharat / state

পথত বাগৰিল শিক্ষাৰ্থী কঢ়িয়াওৱা অট’ৰিক্সা, ছাত্ৰৰ কৰুণ মৃত্যু - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:25 PM IST

Cyclone Remal effect : ৰেমলে জোকাৰি গৈছে ৰাজ্য ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুমুহাৰ ফলত শিক্ষাৰ্থী কঢ়িওৱা অট’ বাগৰাত এগৰাকী ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয় ৷

STUDENT DIE IN AUTO RICKSHAW COLLAPSED IN BILASIPARA
পথত বাগৰিল শিক্ষাৰ্থী কঢ়িয়াওৱা অট’ৰিক্সা, ছাত্ৰৰ কৰুণ মৃত্যু (ETV BHARAT ASSAM)

বিলাসীপাৰা, 29 মে’ : ৰাজ্যৰ ভিন্ন ৰেমলৰ ত্ৰাসে আতংকিত কৰিছে ৰাজ্যবাসীক ৷ সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ বাবে দেওবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ । নিশাৰে পৰা হোৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি হৈছে । বিভিন্ন স্থানত গছ বাগৰি পৰাৰ ফলত সংঘটিত হৈছে বহুকেইটা ঘটনা । মঙলবাৰে পুৱাৰ ভাগত মৰিগাঁও জিলাত চলন্ত অট’ত গছ বাগৰি এগৰাকী কলেজীয়া শিক্ষাৰ্থীয়ে মৃত্যুক আঁকোৱালি খবৰৰ পিচতে এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে তেনে এক ঘটনা ৷

ৰেমলৰ প্ৰচণ্ড ধুমুহাৰ ফলত পথত বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই অনা অট’ৰিক্সা । অট’ৰিক্সাখন বাগৰাৰ ফলত থিতাতে নিহত হয় 7 বছৰীয়া এটি কণমানি ৷ কণমানিটো বিলাসীপাৰা চহৰত অৱস্থিত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ মৃত কণমানিটোৰ নাম শুভংকৰ বৰ্মন ৷

আনহাতে এই দুৰ্ঘটনাত আহত হয় অট’ৰিক্সাত থকা আন চাৰিগৰাকী শিক্ষাৰ্থী ৷ ইয়াৰোপৰি মৃত শুভংকৰৰ মাতৃৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । শুভংকৰৰ মাতৃক সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে ৷

বুধবাৰে পুৱাতে শুভংকৰ বৰ্মন আৰু তেওঁৰ মাতৃয়ে বিদ্যালয় যোৱাৰ পথত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । মৃত শুভংকৰ বৰ্মনৰ ঘৰ বিলাসীপাৰা মহকুমাৰ জমদুৱাৰ গাঁৱত ৷ ৰাণা প্ৰতাপ বৰ্মনৰ একমাত্ৰ পুত্ৰ শুভংকৰ ৷

আনহাতে দুৰ্ঘটনাগ্ৰস্ত অট’ৰিক্সাখনৰ নম্বৰ হৈছে AS 17 B 6640 ৷ এই ঘটনাৰ পিচতে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ যায় ৷

লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.