ETV Bharat / state

হৰ্ডিং ভাঙি, যাতায়াত বন্ধ কৰি বোকাখাতত ৰেমলৰ অস্তিত্ব জাহিৰ - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 7:10 PM IST

Cyclone Remal Impact : ৰেমলৰ প্ৰভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত ধাৰাসাৰ বৃষ্টিপাত ৷ গোলাঘাট জিলাতো পৰিছে ৰেমলৰ ব্যাপক প্ৰভাৱ ৷ নগৰখনৰ মাজত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰি ব্যাহত হৈ পৰিছে যাতায়াত ৷

CYCLONE REMAL
ধাৰাসাৰ বৃষ্টিপাত অব্যাহত (Source : Etv Bharat Assam)

গোলাঘাট, 28 মে’: গোলাঘাট জিলাৰ বোকাখাতত অব্যাহত আছে ৰেমলৰ সংহাৰ । বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ লগতে সোমবাৰৰ নিশাৰ পৰা বলি থকা বতাহে বোকাখাতলৈ একপ্ৰকাৰ নমাই আনিছে সংশয় ।

বোকাখাতত ৰেমলৰ প্ৰভাৱ (Source : Etv Bharat Assam)

ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে এই সন্দৰ্ভত সাৱধানবাণী জাৰি কৰিছে ৷ মঙলবাৰে বিদ্যালয়সমূহ ছুটী দিবলৈ জিলা উপায়ুক্তই জাৰি কৰা অন্য এক নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে বোকাখাতৰ বিদ্যালয়সমূহৰ পাঠদান বন্ধ কৰি ছুটী দিয়া হয় ।

আনহাতে, নগৰখনৰ মাজেদি যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পাঞ্জাৱ নেশ্যনেল বেংকৰ সমীপত এডাল গছ উভালি পৰাত বন্ধ হৈ পৰে যাতায়াত ৷ এই যাতায়াত বন্ধ হোৱাৰ ফলত ৰাজপথতে আৱদ্ধ হৈ পৰে এম্বুলেন্স ৷ অৱশ্যে পাচত স্থানীয় লোকে গছ আঁতৰাই পথ মোকলাই তোলে ।

লগতে পঢ়ক: ৰাজ্যত ৰেমলৰ বিধ্বংসী ৰূপ : দক্ষিণ কামৰূপত গছ পৰি প্ৰাণ হেৰুৱালে মহিলাই - CYCLONE REMAL

একেদৰে বোকাখাতৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত বৰষুণৰ পানী সোমোৱাত ভিতৰত থকা আচবাবৰ ক্ষতিসাধন হয় ৷ কোনো অঞ্চলত ধুমুহাই ভাঙি পেলাই ব্যৱসায়িক প্ৰতিষ্ঠানৰ হৰ্ডিং আদি । নুমলীগড়ৰ তেলগৰমতো ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য লাভ কৰা গৈছে ৷

লগতে পঢ়ক: বাংলাদেশত ৰেমলৰ ভয়ংকৰ ৰূপ, ১৬ গৰাকী লোকৰ মৃত্যু - Remal Hits Bangladesh

আনহাতে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বোকাখাত হিন্দী হাইস্কুলৰ সন্মুখতো ধুমুহাৰ তাণ্ডৱ পৰিলক্ষিত হয় ৷ বোকাখাত হিন্দী হাইস্কুলৰ সন্মুখত বাহন ক্ষতিগ্ৰস্ত, খতিয়াখলি এম ই স্কুলৰ ডিজিটেল কোঠাও ধুমুহাৰ ফলত ক্ষতিৰ সন্মুখীন হয় । তদুপৰি একাংশ স্থানীয় লোকৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যোৱাৰ পিচত জীৱন ধাৰণতো ব্যাঘাত জন্মে ৷ বৰ্তমানলৈকে অঞ্চলটোত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ৷

মুঠৰ ওপৰত গোলাঘাটৰ বোকাখাততো ৰেমলৰ ব্যাপক প্ৰভাৱে একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে জনজীৱন ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে 29 মে’ৰ দিনটোত ৰেমলৰ সাম্ভাব্য প্ৰভাৱৰ বাবে 10 খন জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.