ETV Bharat / state

বিশাল সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল মনোৰঞ্জন তালুকদাৰৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: কেইবাহাজাৰ লোকক লগত লৈ আজি বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰে চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে । মনোনয়ন দাখিল কৰিয়েই জয় নিশ্চিত বুলি দাবী কৰে তালুকদাৰে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমালোচনা নেতাগৰাকীৰ ।

Lok Sabha Election 2024
বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল মনোৰঞ্জন তালুকদাৰৰ
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:46 PM IST

বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল মনোৰঞ্জন তালুকদাৰৰ

বৰপেটা, ১৯ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমৰো ৫ টা লোকসভা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । ইফালে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণক লৈ ৰাজ্যখনৰ বাকী ৯ টা সমষ্টিত দলবোৰে প্ৰচাৰ অব্যাহত ৰাখিছে ।

বাকী ৯ টা সমষ্টিৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্ততে নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা য়ায় । তাৰ মাজতে বৰপেটাত বিশাল কৰ্মী আৰু সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে । মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত এক বিশাল জনসভাও সম্বোধন কৰে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ৷

উদ্ধৱ বৰ্মন, হেমেন দাস, শিক্ষাবিদ আব্দুল মান্নানৰ লগতে একাধিক জ্যেষ্ঠ নেতাই জনসভাত অংশগ্ৰহণ কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি মনোৰঞ্জন তালুকদাৰে কয় যে বৰপেটাৰ জনতাই তেওঁক সমৰ্থন কৰিছে ৷ ৰাইজে বিচাৰিছে এজন যোগ্য প্ৰাৰ্থী সংসদলৈ যাওঁক ৷ নিজকে যোগ্য প্ৰাৰ্থী বুলিও দাবী কৰে মনোৰঞ্জন তালুকদাৰে । তেওঁৰ মতে বিধানসভাত যোৱা ৩ টা বছৰ বহু বিষয়ত মাত মাতিছে ৷ তেওঁৰ মতে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে যোৱা ৩ টা বছৰত বিধানসভাত তিনিটা বাক্যও কোৱা নাই ৷

চিপিআই(এম) প্ৰাৰ্থীগৰাকীৰ মতে বৰপেটাত অগপ-বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ তেওঁ অৱতীৰ্ণ হৈছে ৷ তেওঁৰ মতে বিৰোধী ঐক্য নহ'লেও জনগণৰ ঐক্য হৈছে । ইফালে জ্যেষ্ঠ নেতা হেমেন দাসৰ মতে নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান শেষ কৰিবলৈ ওলাইছে ৷ সংবিধান ৰক্ষাৰ বাবে নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় । তেওঁৰ মতে বৰপেটাত কংগ্ৰেছ কোনো ফেক্টৰ নহয় ৷ কংগ্ৰেছে বিজেপিক সহায় কৰিবলৈ বৰপেটাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক :পুৱাই সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভোটদান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.