ETV Bharat / state

প্ৰতিখন হাস্পতালত আয়ুষ্মান কাৰ্ড কাৰ্যক্ষম কৰিবলৈ চি পি আই(এম)ৰ দাবী - CPIM Demands - CPIM DEMANDS

CPI(M) Demands: ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ড বন্ধ কৰাৰ বিৰুদ্ধে ৰঙিয়াত চি পি আই(এম) দলৰ সংবাদমেল । ৰঙিয়া তথা অসমৰ চৰকাৰী হাস্পতালৰ দুৰৱস্থাৰ ছবি উদঙালে দলটোৱে । চৰকাৰী হাস্পতালৰ মান উন্নত কৰাৰ লগতে সকলোতে আয়ুষ্মান কাৰ্ডৰ প্ৰচলন পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক দাবী চি পি আই(এম)ৰ ।

CPIM Demands
প্ৰতিখন হাস্পতালত আয়ুষ্মান কাৰ্ড কাৰ্যক্ষম কৰিবলৈ চিপিআই(এম)ৰ দাবী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 5:03 PM IST

ৰঙিয়া,১ আগষ্ট : শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়সমূহত আয়ুষ্মান কাৰ্ড প্ৰযোজ্য নহ'ব । অৰ্থাৎ আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত হাস্পতালত ল'ব নোৱাৰিব । এই মন্তব্যৰ পিচতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰৰ সিদ্ধান্তক বিভিন্ন দল-সংগঠনে সমালোচনা কৰিছে ।

প্ৰতিখন হাস্পতালত আয়ুষ্মান কাৰ্ড কাৰ্যক্ষম কৰিবলৈ চিপিআই(এম)ৰ দাবী (ETV Bharat)

চি পি আই(এম)ৰ প্ৰতিক্ৰিয়া :

ৰঙিয়াৰ শ্ৰমিক ভৱনত বৃহস্পতিবাৰে চি পি আই(এম) দলৰ কামৰূপ জিলা সমিতিয়ে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে । দলটোৰ কামৰূপ জিলাৰ সম্পাদক বাসুদেৱ কলিতাই সংবাদমেলখন সম্বোধন কৰি চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰে । তেওঁ কয়, "দুখীয়া জনসাধাৰণৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত এক বৃহৎ সকাহ হিচাপে থকা আয়ুষ্মান কার্ডখন হঠাৎ অসম চৰকাৰে বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত বন্ধ কৰি দিয়াত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কিয়নো চৰকাৰী চিকিৎসালয়বোৰৰ বাবে আয়ুষ্মান কাৰ্ড থকা বা নথকা একে কথা । চৰকাৰী হাস্পতালত সকলো ৰোগৰ উন্নত চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসক, উন্নতমানৰ চিকিৎসা সঁজুলি আৰু কাৰিকৰী ব্যক্তিৰ অভাৱ আছে । ফলত ৰোগীসকল উপায়বিহীন হৈ ঘৰৰ সা-সামগ্রী বিক্ৰী কৰি হ'লেও ধন খৰচ কৰি বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰিব লগা হৈছে । আনহাতে বেচৰকাৰী চিকিৎসালয়সমূহেও আয়ুষ্মান কাৰ্ডৰ চিকিৎসাৰ বাবদ চৰকাৰৰ পৰা কোটি কোটি টকা পাবলৈ বাকী আছে ।"

এনে পৰিস্থিতিত চৰকাৰে আয়ুষ্মান কাৰ্ড প্ৰত্যাহাৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও চি পি আই(এম) দলে অভিযোগ কৰে । আয়ুষ্মান কাৰ্ড পুনৰ দুখীয়া ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিবলৈও দলটোৱে দাবী জনায় ।

ৰঙিয়াৰ চৰকাৰী হাস্পতালৰ দুৰৱস্থা :

চি পি আই(এম)ৰ জিলা সম্পাদকগৰাকীয়ে কয়,"বিগত বছৰৰ ২৬ মার্চত অসমৰ মুখ্যমন্ত্রীয়ে স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত ৪৭ খন আইচিইউ বিচনাযুক্ত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । কিন্তু প্রায় ৪.৫২ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হাস্পতালখনত আজি পৰ্যন্ত আই চি ইউ কাৰ্যক্ষম হৈ উঠা নাই । আনহাতে আদৰ্শ চিকিৎসালয়খনত থকা 'X-Ray' মেচিনো ২০১৮ চনৰ পৰাই অব্যৱহৃত হৈ পৰি আছে । চিকিৎসালয়খনৰ ভিতৰত থকা ডায়েলাইচিছ চেণ্টাৰৰ বাবে অনা ৩ টাকৈ মেচিন যোৱা ৫ মাহ ধৰি স্থাপন কৰা নাই ।"

ৰঙিয়া আদৰ্শ চিকিৎসালয়খনৰ এই সমস্যাৰ লগতে দলটোৱে ২০০৭ চনতে চি এইছ চিৰ পৰা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা চিকিৎসালয়খন এতিয়াও ১০০ খন বিচনাৰ পৰিৱৰ্তে মাত্র ৩০ খন বিচনাৰে চলি আছে বুলি দলটোৱে অভিযোগ কৰে ।

চি পি আই(এম)ৰ দাবী :

চি পি আই(এম) দলটোৰ জিলা সমিতিৰ সম্পাদকগৰাকীয়ে কয়, "বৃহত্তৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰা চিকিৎসালয়খনৰ যান্ত্ৰিক বিজুতিৰ লগতে চিকিৎসা কৰ্মীৰ অভাৱ পূৰণ কৰি অতি সোনকালে চিকিৎসালয়খন আৰু অধিক কাৰ্যক্ষম কৰি তুলিব লাগে । স্বাধীনোত্তৰ কালৰ ৰঙিয়াৰ সিদ্ধিনাথ শর্মা প্রাথমিক চিকিৎসালয়খনৰ অসম আৰ্হিৰ পুৰণি উৱলি যোৱা গৃহসমূহ লোকনির্মাণ বিভাগৰ উপদেশমর্মে সম্পূর্ণ ভাঙি পেলোৱাৰ পিচত ৫ মহলীয়া অট্টালিকাটো নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে ।"

লগতে পঢ়ক :বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা - B Baruah Cancer Institute

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.