ETV Bharat / state

কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব কাজিৰঙা সংহত হস্ততাঁত উদ্যানৰ কাম - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:34 PM IST

Kaziranga Integrated Handicraft Park: কাজিৰঙাৰ সমীপৱৰ্তী বৰজুৰিত নিৰ্মাণ হ’ব কাজিৰঙা সংহত হস্ততাঁত উদ্যান ৷ কিমান টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই উদ্যানখন ৷ নিৰ্মাণকাৰ্য বৰ্তমান কি পৰ্যায়ত আছে ? উদ্যানখনৰ নিৰ্মাণ সম্বন্ধীয় বিভিন্ন দিশ জানো আহক হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহকাৰী অধীক্ষক যামিনী বৰগোহাঁইৰ মুখেৰে...

Construction of the Kaziranga Integrated Handicraft Park will start soon
বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহকাৰী অধীক্ষক যামিনী বৰগোহাঁই (ETV Bharat Assam)

গুৱাহাটী, 12 জুলাই: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰচাৰ, প্ৰসাৰ আৰু সামগ্ৰিক উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কাজিৰঙাত নিৰ্মাণ কৰা হ'ব সংহত হস্ততাঁত উদ্যান । বিগত বৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আৱণ্টিত মাটি, ধনৰ পৰিমাণ

হস্ততাঁত বস্ত্ৰ শিল্পৰ সামাজিক আৰু বাণিজ্যিক যোগসূত্ৰ স্থাপনৰ উদ্দেশ্যেৰে কাজিৰঙাৰ সমীপৱৰ্তী বৰজুৰিত 25 বিঘা মাটিত নিৰ্মাণ কৰা হ'ব এই উদ্যানখন । 56 কোটি টকাতকৈ অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই উদ্যানখন । উদ্যানখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া লোক নিৰ্মাণ বিভাগে ইতিমধ্যে সম্পূৰ্ণ কৰিছে । অচিৰেই আৰম্ভ হ’ব ইয়াৰ নিৰ্মাণকাৰ্য । অহা তিনি বছৰৰ ভিতৰত উদ্যানখন সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ।

উদ্যানখনৰ ভিতৰত কি কি থাকিব ?

নতুনকৈ নিৰ্মাণ হ’বলগীয়া হস্ততাঁত বস্ত্ৰ শিল্প উদ্যানখনৰ ভিতৰত ইণ্ডাষ্ট্ৰিয়েল, কৰ্মাচিয়েল আৰু প্ৰশাসনিক মুঠ তিনিটা বিভাগ থাকিব । এই তিনিটাৰ ভিতৰত থাকিব---

1/ হস্ততাঁত বস্ত্ৰশিল্পৰ খুচুৰা বিপণি, প্ৰদৰ্শনী ক্ষেত্ৰ, শ্ব’ ৰূম আদি ৷

2/ গৱেষক, শিক্ষাৰ্থী ,পৰ্যটকৰ সুবিধাৰ বাবে হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম ক্ষেত্ৰ প্ৰাৰম্ভিক কাৰ্যকলাপৰ পৰা আৰম্ভ কৰি উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰালৈ সকলো থাকিব ৷

3/ কিদৰে কাপোৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে জানিবলৈ প্ৰাকৃতিক ৰংকৰণ ক্ষেত্ৰৰ লগতে থাকিব আধুনিক সুবিধাযুক্ত দুটা বয়ন কেন্দ্ৰ ৷

4/হস্ততাঁত বস্ত্ৰ শিল্পৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ বাবে হস্ততাঁত প্ৰদৰ্শন কেন্দ্ৰ ৷

5/ পেকেজিং আৰু পণ্যাগাৰ থাকিব উদ্যানখনৰ ভিতৰত ৷

6/ মুকলি মঞ্চ ৷

7/ পৰ্যটকৰ বাবে গৃহ ৷

8/ হস্ততাঁত উৎপাদিত বিভিন্ন জাতি-জনগোষ্ঠীৰ বস্ত্ৰ থাকিব সংগ্ৰহালয়ত ৷

লগতে পঢ়ক: স্ব-নিৰ্ভৰ নাৰী আঁচনিত কোনে কোনে কৰিব পাৰিব আবেদন... - Swanirbhar Nari Asaam

আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত তাঁত বিহু উদযাপন - Rongali Bihu 2024

বানত পুনৰ ৪ জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি, কাজিৰঙাত ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024

ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

কাজিৰঙাত বান কমিলেও এতিয়াও পানীৰ তলত ৭১ টা বন শিবিৰ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.