ETV Bharat / state

কংগ্ৰেছে সংগ নিদিলে বিহালী এৰি নিদিয়ে বাওঁপন্থীয়ে - Assam Assembly bypolls 2024 - ASSAM ASSEMBLY BYPOLLS 2024

Assam Assembly bypolls 2024: বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্তক লৈ ক্ষোভিত বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন অংশীদাৰ । কংগ্ৰেছৰ এই সিদ্ধান্তক সমালোচনা কৰিছে চি পি আই(এম) দলে ।

Assam Assembly bypolls 2024
কংগ্ৰেছে সংগ নিদিলে বিহালী এৰি নিদিয়ে বাওঁপন্থীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:36 PM IST

গুৱাহাটী, ২০ জুলাই : অসমৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে গ্ৰহণ কৰা 'একলা চলো' নীতি ত্যাগ কৰাৰ বাবে অসমৰ ৪ টা বাওঁপন্থী দলে আহ্বান জনাইছে । কংগ্ৰেছৰ এই সিদ্ধান্তই বিজেপি দলক সহায় কৰিব বুলি ৪ টা বাওঁপন্থী দল ক্ৰমে চি পি আই(এম এল), চি পি আই(এম), চি পি আই আৰু ফৰৱাৰ্ড ব্লকে দাবী কৰিছে ।

কংগ্ৰেছে সংগ নিদিলে বিহালী এৰি নিদিয়ে বাওঁপন্থীয়ে (ETV Bharat)

এই সন্দৰ্ভত চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় যে অসমৰ ৫ টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ'ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ'ব । তেওঁ অসমত কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ভোট আৰু আসনৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও তেওঁলোকে তৃতীয়বাৰৰ বাবে দেশৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে ।

নিৰ্বাচনৰ পিচৰে পৰা নিজৰ জনসমৰ্থন ঘূৰাই আনিবলৈ বিজেপিয়ে অসমত তীব্ৰ সাম্প্ৰদায়িক প্ৰচাৰত লিপ্ত হোৱাও দেখিবলৈ পোৱা গৈছে । এনে পৰিস্থিতিত বিজেপিক সম্পূৰ্ণ জনবিচ্ছিন্ন কৰিবলৈ ৰাজনৈতিক প্ৰচেষ্টা অব্যাহত ৰখা আৰু প্ৰতিটো নিৰ্বাচনতে বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰিবলৈ ঐক্যবদ্ধ প্ৰয়াস চলোৱাটো অতি প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কয়,"দুৰ্ভাগ্যজনক কথা যে এই বাস্তৱ পৰিস্থিতিক আওকাণ কৰি কংগ্ৰেছ দলে আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনত অকলেই পাঁচোখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যো-জা চলাইছে । কিন্তু মনত ৰখা দৰকাৰ যে সামগ্ৰিকভাৱে দেশত বিজেপিৰ বিৰুদ্ধে যিখিনি নতুন সাফল্য লাভ কৰা গৈছে সেয়া মূলতঃ 'ইণ্ডিয়া' ব্লকৰ নামত ধৰ্মনিৰপেক্ষ বিৰোধী দলসমূহৰ যি ঐক্য গঢ়ি উঠিছে তাৰ প্ৰতি সঁহাৰিৰহে প্ৰতিফলন । অসমত এই ঐক্য সঠিকভাৱে গঢ়ি নুঠা বাবেই বিজেপি মিত্ৰজোঁটৈ ৰাজ্যখনৰ মুঠ ১৪ খন লোকসভা আসনৰ ১১ খনতে জয় লাভ কৰিবলৈ সক্ষম হৈছে । অথচ অসমতো জনসাধাৰণৰ মাজত বিজেপি বিৰোধিতা যথেষ্ট তীব্ৰ আছিল ।"

এনে প্ৰেক্ষাপটত মূলতঃ কংগ্ৰেছ দলৰ ভুল পদক্ষেপৰ বাবেই বিৰোধী দলবোৰৰ মাজত সম্ভাব্য ব্যাপক ঐক্য গঢ়ি নুঠিল বুলি তেওঁ অভিযোগ কৰে । তালুকদাৰে কয় যে ইয়াৰ পৰা শিক্ষা লৈ উপ-নিৰ্বাচনতো সামগ্ৰিক ঐক্য গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত । অন্যথা লোকসভা নিৰ্বাচনৰ পিচতো বিজেপি দলৰ বিৰুদ্ধে জনক্ষোভ অব্যাহত থকা স্বত্বেও বিজেপি-বিৰোধী ভোট বিভাজনৰ ফলত উপ-নিৰ্বাচনত শাসক দলটোৱেই উপকৃত হোৱাৰ সম্ভাৱনা থাকিব ।

তেওঁ লগতে কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ যৌথমঞ্চ 'মহাজোঁট'ৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে চি পি আই(এম-এল) দলে বিহালী আসনখন প্ৰতিদ্বন্দ্বিতা কৰিছিল । সেয়েহে এইবাৰো এইখন আসনত নিৰ্বাচনী যুঁজ আগবঢ়োৱাৰ বাবে চি পি আই(এম-এল) দলে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতি ৪ টা বাওঁপন্থী দল ক্ৰমে চি পি আই(এম), চি পি আই, চি পি আই(এম এল) আৰু ফৰৱাৰ্ড ব্লকে পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে । কংগ্ৰেছকে ধৰি সমূহ বিৰোধী দলক বিহালী আসনখনত চি পি আই(এম এল) প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন জনাবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :পল্লৱ নে দিগন্ত ? বিহালীক লৈ বিজেপিত চলিছে অংক - Assam Bypolls 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.