সৰুপথাৰ ১৬ ফেব্ৰুৱাৰী: ইজনৰ পিচত সিজন কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিছে । শেহতীয়াকৈ কংগ্ৰেছ দলৰ দুগৰাকী বিধায়কে বিজেপিৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে । তেনে পৰিস্থিতিত অসম কংগ্ৰেছত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে একাংশ বিজেপি নেতাই দাবী কৰিছে যে অসম কংগ্ৰেছশূণ্য হ'ব । অৱশ্যে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মা সদায় বিজেপিত থাকিব যে তাৰ গেৰাণ্টি নাই বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে । ইফালে অসম ৰাজ্যিক বিজেপিত পুৰণি নেতাসকলৰ স্থান নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ হৈ কাম কৰিছে আৰু কংগ্ৰেছৰ হৈ পুৰণি বিজেপিক ছাফাই কৰিছে । কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে পুৰণি বিজেপিসকল টিকটৰ পৰা বঞ্চিত হ'ল বুলিও গৌৰৱ গগৈয়ে দাবী কৰে ।
উল্লেখ্য যে শুকুৰবাৰে সৰুপথাৰ সমষ্টিত সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰে । তাৰ সমান্তৰালকৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত এখন দলীয় সভাও সম্বোধন কৰে । এই সভাৰ অন্তত সাংসদগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও বিষয়ত মন্তব্য কৰে ।
দলীয় টিকট সন্দৰ্ভত তেওঁ কয় যে দলৰ নিৰ্বাচনী সমিতিয়ে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব । ইফালে গোলাঘাট জিলা কংগ্ৰেছ সভাপতি দাদু টায়েক দলীয় অনুশাসন ভংগ কৰাৰ বাবে আজি অপসাৰিত কৰা হয় । গৌৰৱ গগৈয়ে উল্লেখ কৰা মতে গোলাঘাটত নতুনকৈ ভাৰপ্ৰাপ্ত সভপতি গোলাপ শইকীয়াক দায়িত্ব দিয়া হৈছে ।
লগতে পঢ়ক :অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি