ETV Bharat / state

'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া

CAA Protest : নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ ৷ CAA-ৰ নিয়মাৱলীৰ বিৰুদ্ধে অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশৰ বাবে আবেদন ৰাজ্যৰ বিৰোধী দলপতিগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 1:32 PM IST

দেৱব্ৰত শইকীয়াৰ আবেদন
দেৱব্ৰত শইকীয়াৰ আবেদন

গুৱাহাটী, ১৩ মাৰ্চ : ৰাজ্যজুৰি 'কা' নীতি বলৱতৰ বিৰুদ্ধে প্ৰতিবাদ আৰু চৰকাৰৰ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধৰ মাজতে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া । CAA বা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰূপায়ণৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা নিয়মাৱলীক প্ৰত্যাহ্বান জনাই মঙলবাৰে কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উচ্চতম ন্যায়ালয়ত এখন অন্তৰ্ৱৰ্তীকালীন আবেদন (আই এ) দাখিল কৰে ।

'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া
'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া

উচ্চতম ন্যায়ালয়ত দাখিল কৰা অন্তৰ্ৱৰ্তীকালীন লেখ আবেদনখনত দেৱব্ৰত শইকীয়াই ২০১৯ চনৰ ১২ ডিচেম্বৰত দেশৰ সংসদত গৃহীত মূল আইন- নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ খনকো প্ৰত্যাহ্বান জনায় ৷ এই নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ খনৰ অধীনত সদ্যপ্ৰকাশিত নিয়মাৱলীয়ে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ৷

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত কংগ্ৰেছ নেতা শইকীয়াই দাখিল কৰা আবেদনখনত উল্লেখ কৰে- “বলৱৎ হোৱা এই নিয়মাৱলীয়ে ধৰ্ম আৰু দেশ ভিত্তিক শ্ৰেণী-বিভাগ কৰিছে, যিটো 'শ্বায়ৰা বানু বনাম ভাৰত চৰকাৰ গোচৰ (২০১৭)ৰ ৯ এছচিঅ' ১'ত নিৰ্ধাৰণ কৰা 'প্ৰকাশ্য একপক্ষীয়তাৰ পৰীক্ষা'ৰ বিপৰীত । সেয়া উচিত নহয়, যুক্তিসংগত নহয়, ভেদভাৱ পূৰ্ণ, পাৰদৰ্শী নহয়, চঞ্চল, কাৰোবাৰ প্ৰতি পক্ষপাতিত্বমূলক তথা স্বজনপ্ৰীতিমূলক আৰু এয়া সুস্থ প্ৰতিযোগিতা তথা সম-ব্যৱহাৰৰ ভাবধাৰাক উদগনি যোগাব পৰাও নহয় ।"

দেৱব্ৰত শইকীয়াৰ আবেদন
দেৱব্ৰত শইকীয়াৰ আবেদন

আবেদনকাৰী দেৱব্ৰত শইকীয়াই আবেদনখনত লগতে উল্লেখ কৰিছে, "বৰ্তমানৰ গোচৰত কোনো বিধিৰ সাংবিধানিকতা অনুমানৰ স্বাভাৱিক নিয়ম প্ৰযোজ্য নহয় । এই নিয়মসমূহে সংবিধানৰ ১৪ নং অনুচ্ছেদ উলংঘা কৰে, যিয়ে নাগৰিক আৰু বিদেশী সকলো ব্যক্তিৰ বাবে সমতাৰ নিশ্চয়তা প্ৰদান কৰে । বিশেষকৈ নাগৰিকত্বৰ প্ৰসংগত ধৰ্মীয় দিশেৰে জনসাধাৰণৰ মাজত পাৰ্থক্য সৃষ্টি কৰি ই সংবিধান উলংঘা কৰিব ।"

আনহাতে, আবেদনখনত কংগ্ৰেছ নেতাগৰাকীয়ে শ্ৰীলংকাত নিৰ্যাতিত তামিলসকলৰ প্ৰসংগও উত্থাপন কৰে । শইকীয়াই আবেদনখনত দাবী কৰে যে বিতৰ্কিত আইনখন আৰু নিয়মসমূহ কোনো নিৰ্ণায়ক নীতিৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই আৰু সেয়েহে ই স্পষ্টভাৱে স্বেচ্ছাচাৰী ।

লগতে আবেদনখনত কোৱা হৈছে, "আইনখনৰ উদ্দেশ্যত উল্লেখ কৰা হৈছে যে নিৰ্বাচিত তিনিখন দেশত এটা নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ধৰ্মৰ ব্যৱস্থা কৰা হৈছে । ফলত সেই দেশসমূহত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ বহু ব্যক্তিয়ে ধৰ্মৰ ভিত্তিত নিৰ্যাতনৰ সন্মুখীন হৈছে । অৱশ্যে শ্ৰীলংকাতো ৰাষ্ট্ৰধৰ্ম আছে । এই শ্ৰেণীবিভাজনে হয়তো নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলক এককভাৱে উলিয়াই আনিছে । এই যুক্তিৰ ওপৰত শ্ৰীলংকাৰ ইলাম তামিলসকলকো অন্তৰ্ভুক্ত কৰিব লাগিব, কিয়নো তামিল ইলামসকলক (হিন্দু ধৰ্ম) আৰু জাতিগত ভিত্তিত অত্যাচাৰ কৰা হয় ।"

"এই বিধিসমূহে ৰাজ্যখনত ৬ বছৰ ধৰি চলি থকা আন্দোলনৰ ফলস্বৰূপ অসম চুক্তি উলংঘা কৰিছে । অসম চুক্তিৰ ৫.৮ দফাত উল্লেখ আছে- '১৯৭১ চনৰ ২৫ মাৰ্চত বা তাৰ পিছত অসমলৈ অহা বিদেশীক আইনীভাৱে চিনাক্তকৰণ, নাম কৰ্তন আৰু বহিষ্কাৰ কৰা হ'ব ।' এনে বিদেশীক বহিষ্কাৰৰ বাবে তাৎক্ষণিক আৰু ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰা হ’ব ।" এই প্ৰসংগও গুৰুত্ব সহকাৰে আবেদনখনত আবেদনকাৰী দেৱব্ৰত শইকীয়াই উচ্চতম দন্যায়ালয়ৰ বিবেচনাৰ্থে উল্লেখ কৰিছে ।

শইকীয়াই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত লগতে যুক্তি সহকাৰে উল্লেখ কৰিছে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰতলৈ অহা অনা-মুছলমান অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদান কৰি এই আইনখনে ১৯৮৫ চনৰ অসম চুক্তিৰ বিৰোধিতা কৰিছে । এয়া ধৰ্মৰ মাজতে সীমাবদ্ধ থকাটোৱে অসমৰ জাতিগত বিচিত্ৰতা আৰু আৰ্থ-সামাজিক ব্যৱস্থা ধ্বংস কৰাৰ এক চেষ্টা বুলিও আবেদনখনৰ জৰিয়তে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে উচ্চতম ন্যায়ালয়ত অৱগত কৰিছে ।

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন; দক্ষিণ এছিয়াৰ 3 দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.