ETV Bharat / state

পঞ্চায়ত নিৰ্বাচন: ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিৰামহীন ৰুদ্ধদ্বাৰ বৈঠক - ASSAM PRADESH CONGRESS

১৮ ডিচেম্বৰত ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ কংগ্ৰেছে কৰিব ৰাজভৱন যাত্ৰা ।

APCC Meeting
পঞ্চায়ত নিৰ্বাচন: ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিৰামহীন ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 8:04 PM IST

গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰণকৌশলেৰে সাজু হৈছে কংগ্ৰেছ দল । শুকুবাৰৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বৈঠক । শনিবাৰে পুৱাৰে পৰাই ৰাজীৱ ভৱনত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । ৰাজীৱ ভৱনত হোৱা বৈঠকসমূহত জিলা কংগ্ৰেছৰ সভাপতি আৰু নেতৃবৃন্দৰ লগতে ৰাজ্যখনৰ উজনি, নামনি, মধ্য অসম আৰু বৰাক উপত্যকাৰ সাংগঠনিক দিশ পৰ্যালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিচালনাত অনুষ্ঠিত দিনজোৰা সাংগঠনিক বৈঠকত পৃথকে পৃথকে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱাদল আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নেতৃত্বৰ লগতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক কামকাজৰ পৰ্যালোচনা কৰা হয় । পুৱাৰ ভাগত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি দলৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সমিতিৰ লগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু জিলা সভাপতিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় ।

APCC Meeting
ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিৰামহীন ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)

আনহাতে পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি দল সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে উত্তৰ অসম মণ্ডলৰ জিলা সমূহৰ নেতৃত্বৰ লগত আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সেইদৰে পশ্চিম কৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাসমূহৰ নেতৃত্বৰ লগত আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি দলৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে মধ্য অসম হোজাই, নগাঁও, মৰিগাঁও, গুৱাহাটী আৰু কামৰূপ জিলাসমূহৰ নেতৃত্বৰ লগত আলোচনা কৰা হয় ।

সেইদৰে প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ নেতৃবৃন্দৰ সৈতেও আলোচনাত মিলিত হয় দলৰ নেতৃত্ব । দলীয় নেতৃত্বই প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতেও আলোচনা কৰে । আনহাতে বিয়লি প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃবৃন্দৰ উপৰি ৰাজ্যিক এন এছ ইউ আইৰ নেতৃবৃন্দৰ সৈতে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয় ।

এখনৰ পাছত আনখনকৈ হোৱা বৈঠকত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে, বিকাশ উপাধ্যায়, মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ, বিধায়িকা নন্দিতা দাসকে ধৰি কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে । আনহাতে দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰিব ।

১৮ ডিচেম্বৰত ৰাজভৱন চলো যাত্ৰা কংগ্ৰেছৰ

গৌতম আদানি এণ্ড কোম্পানীয়ে সমগ্ৰ বিশ্বৰ ওচৰত দেশবাসীক লজ্জানত কৰাৰ পিছতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এন ডি এ চৰকাৰে আদানিৰ বিৰুদ্ধে কোনো তদন্ত আৰু আইনগত ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱে বিজেপি চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াটো প্ৰমাণিত কৰিছে । এই অভিযোগ কংগ্ৰেছৰ । এই অভিযোগেৰে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ ১৮ ডিচেম্বৰত সমগ্ৰ দেশত কংগ্ৰেছে জনজাগৰণ সৃষ্টি কৰিব ।

অকল আদানিৰ বিৰুদ্ধেই নহয়, বিগত সময়ছোৱাত মণিপুৰৰ দৰে এখন ৰাজ্যৰ হিংসাৰ দাবানল নিয়ন্ত্ৰণ কৰিব নোৱৰা চৰকাৰখনক ভৎৰ্সনা কৰিবৰ বাবে ৰাইজলৈ আহ্বান জনাব কংগ্ৰেছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে দিয়া নিৰ্দেশৰ ভিত্তিত প্ৰদেশ কংগ্ৰেছে অহা ১৮ ডিচেম্বৰত অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাজভৱন চলো যাত্ৰা কৰিব । এই বিষয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিস্তৃতভাৱে আলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

লগতে পঢ়ক: বিজেপিৰ নতুন চাৰি মন্ত্ৰী দবাখেলৰহে মন্ত্ৰী : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.