ETV Bharat / state

বি টি আৰত ইউ পি পি এল-বিজেপিৰ সংঘাত তুংগত; সমালোচনা কৰি অপসাৰিত বিজেপিৰ ই এম - BTC Elections 2024 - BTC ELECTIONS 2024

Conflict Between UPPL and BJP : বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাচতে বি টি আৰৰ ৰাজনীতিত প্ৰতিক্ৰিয়া । বি টি আৰত ইউ পি পি এল আৰু বি পি এফৰ মিত্ৰতাৰ প্ৰসংগত চৰ্চা চলি থকাৰ মাজতে বিজেপি দলৰ ৰেওৰেওৱা নাৰ্জিহাৰীক হঠাতে কাৰ্যবাহী পাৰিষদৰ পৰা অপসাৰণ । সমালোচনা কৰিছিল বি টি চি চৰকাৰক । এবছুৰ সভাপতি দ্বীপেন বড়োৰ আহ্বানৰ পিচতে বি টি আৰত ইউ পি পি এল আৰু বি পি এফৰ একত্ৰীকৰণৰ বিষয়টোৱে লাভ কৰিছে গতি ।

Conflict Between UPPL and BJP
বি টি আৰত ইউ পি পি এল-বিজেপিৰ সংঘাত তুংগত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 2:16 PM IST

Updated : Aug 29, 2024, 2:28 PM IST

গুৱাহাটী, ২৯ আগষ্ট : মিত্রতা ভংগৰ দিশে ইউ পি পি এল আৰু বিজেপিৰ । সংঘাতে তীব্ৰ ৰূপ লৈছে দুয়োটা দলৰ মাজত । সংঘাতৰ ৰূপটো এতিয়া স্পষ্টভাৱে পৰিস্ফুত হৈছে । কাৰণ বি টি চি চৰকাৰৰ কাম-কাজক সমালোচনা কৰি অপসাৰিত হ'বলগা হ'ল পৰিষদীয় চৰকাৰখনৰে বিজেপিৰ এগৰাকী কাৰ্যবাহী পাৰিষদ ।

বি টি আৰত ইউ পি পি এল আৰু বি পি এফৰ মিত্ৰতাৰ প্ৰসংগত সৰৱ চৰ্চা চলি থকাৰ মাজতে বুধবাৰে বিজেপিৰ মিত্ৰদল তথা বি টি আৰৰ শাসকীয় প্রমোদ বড়ো নেতৃত্বাধীন বি টি চি চৰকাৰে বিজেপি দলৰ ৰেওৰেওৱা নাৰ্জিহাৰীক হঠাতে কাৰ্যবাহী পাৰিষদৰ পৰা অপসাৰণ কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে ।

বিজেপি ই এমক অপসাৰণ

কাৰ্যবাহী পাৰিষদগৰাকীক ই এম পদৰ পৰা অপসাৰণ কৰাৰ বাবে বি টি চিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে দাখিল কৰা প্ৰস্তাৱত ৰাজ্যপালে অনুমোদন জনাইছে । ইয়াৰ লগে লগে বিজেপিৰ নেতা ৰেওৰেওৱা নাৰ্জিহাৰী এতিয়াৰে পৰা বি টি চিৰ এগৰাকী পাৰিষদ (এম চি এল এ) হিচাপেহে পৰিচয় লাভ কৰিব । বি টি চিৰ পৰা মিত্ৰদল বিজেপিয়েও এগৰাকী কাৰ্যবাহী পাৰিষদ হেৰুৱাবলগীয়া হ'ল ।

লক্ষণীয় বিষয় যে বিজেপিয়ে মিত্রদল ইউ পি পি এলক গুৰুত্বহীন কৰি এইবাৰ অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাচতে বি টি আৰৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হয় । ইফালে ইউ পি পি এল আৰু বি পি এফৰ মিত্ৰতাক লৈ চৰ্চা চলি থকাৰ মাজতে বি টি চিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে গ্ৰহণ কৰা উক্ত সিদ্ধান্তই বি টি আৰত বিজেপি আৰু ইউ পি পি এলৰ মাজত আৰম্ভ হোৱা যুঁজখন স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছে ।

Conflict Between UPPL and BJP
অপসাৰিত বিজেপিৰ ই এম ৰেওৰেওৱা নাৰ্জিহাৰী (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু এবছুৰ আহ্বান

উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলেই প্রতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল । লগতে বিগত নির্বাচনত বিজেপিৰ সহায়তহে মিত্রদল ইউ পি পি এলে জয়লাভ কৰা বুলি সদৰী কৰিছিল । মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই বি টি আৰৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইফালে কিছুদিন পূর্বে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে জাতিটোৰ আৰু বি টি আৰৰ চুক্তিসমূহ ৰূপায়ণ কৰাৰ স্বাৰ্থত ইউ পি পি এল আৰু বি পি এফক একত্রিত হ'বলৈ আহ্বান জনাইছিল ।

ছাত্রনেতাগৰাকীৰ এনে আহ্বানক দুয়োটা দলে গুৰুত্বসহকাৰে লোৱাৰ সময়তে বি টি চিৰ কাৰ্যবাহী পাৰিষদ তথা বিজেপিৰ পৰা নিৰ্বাচিত যমদুৱাৰ সমষ্টিৰ পাৰিষদ ৰেওৰেওৱা নাৰ্জিহাৰীয়ে শাসকীয় মিত্ৰদল ইউ পি পি এলৰ কাম-কাজক লৈ ৰাজহুৱা সভাতে সৰৱ হৈ পৰে । উল্লেখ্য যে যোৱা ২০ আগষ্টত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তথা বি টি চিৰ কচুগাঁও পৰিষদীয় সমষ্টিত অনুষ্ঠিত বিজেপি দলৰ এখন যোগদান সভাত উপস্থিত আছিল ই এম ৰেওৰেওৱা নাৰ্জিহাৰী ৷ বিজেপিৰ কচুগাঁও মণ্ডল কমিটীৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাত বি পি এফ, ইউ পি পি এল, জি এছ পি, কংগ্ৰেছ দলৰ পৰা ছয় শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে ।

Conflict Between UPPL and BJP
অপসাৰণৰ জাননী (ETV Bharat Assam)

কি কৈছিল অপসাৰিত ই এমে

আনহাতে, উক্ত সভাতে বি পি এফৰ লগতে ইউ পি পি এলৰ বিৰুদ্ধেও সৰৱ হৈ পৰে বিজেপিৰ কাৰ্যবাহী পাৰিষদগৰাকী । সভাত ৰেওৰেওৱা নাৰ্জিহাৰীয়ে বি পি এফ আৰু ইউ পি পি এল দুয়োটা দলৰে কাম-কাজৰ প্ৰতি বি টি আৰবাসী অসন্তুষ্ট হোৱা বুলি সদৰী কৰিছিল । লগতে তেওঁ বি টি চি নিৰ্বাচনত ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলকহে ভোট দি বি টি চিৰ ক্ষমতাত অধিষ্ঠিত কৰিব বুলি মন্তব্য কৰিছিল । সেইদৰে তেওঁ বি পি এফ আৰু ইউ পি পি এল দল ঐক্যবদ্ধ হ'লে বিজেপি দল আৰু বি টি চিৰ বাবে ভাল হ'ব বুলিও কৈছিল ।

লক্ষণীয়ভাৱে বিজেপিৰ কাৰ্যবাহী পাৰিষদগৰাকীয়ে মিত্ৰদলৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰাৰ পিচতো বিজেপিয়ে নেতাগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ইউ পি পি এলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে ৰেওৰেওৱা নাৰ্জিহাৰীৰ উক্ত মন্তব্যই ইউ পি পি এল দলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । এফালে বি টি চি নিৰ্বাচনক লৈ বিজেপিৰ স্থিতি আৰু আনফালে এগৰাকী কাৰ্যবাহী পাৰিষদে চৰকাৰৰ কাম-কাজক লৈ ৰাজহুৱা সভাত সৰৱ হোৱাত ক্ষুব্ধ হৈ পৰিছে মুখ্য কাৰ্যবাহী প্রমোদ বড়ো । যাৰ বাবেই মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কাৰ্যবাহী পাৰিষদগৰাকীক পৰিষদৰ পৰা অপসাৰণৰ বাবে ৰাজ্যপাললৈ প্ৰস্তাৱ প্ৰেৰণ কৰে । সেই অনুসৰি বুধবাৰে ৰাজ্যপালে উক্ত প্ৰস্তাৱত অনুমোদন জনায় । ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষি সুন্দৰমে বি টি চিৰ প্ৰধান সচিবলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে ।

বি পি এফ পৰা বিজেপিত যোগদান কৰিছিল ৰেওৰেওৱা নাৰ্জিহাৰীয়ে

উল্লেখ্য যে বি টি চি নির্বাচনত বি পি এফৰ পৰা জয়লাভ কৰা ৰেওৰেওৱা নাৰ্জিহাৰীয়ে জয়লাভৰ পিচতে বিজেপি দলত যোগদান কৰি কাৰ্যবাহী পাৰিষদৰ পদবী লাভ কৰিছিল । লক্ষণীয় বিষয় যে এবছুৰ সভাপতি দ্বীপেন বড়োৰ আহ্বানৰ পিচতে বি টি আৰত শেহতীয়াকৈ ইউ পি পি এল আৰু বি পি এফৰ একত্ৰীকৰণৰ বিষয়টোৱে এক গতি লাভ কৰিছে । এনে এক পৰিস্থিতিত বি টি চি পৰিষদৰ পৰা এগৰাকী বিজেপিৰ কাৰ্যবাহী পাৰিষদক অপসাৰণ কৰাৰ বিষয়টো বিজেপিয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

ইফালে কাৰ্যবাহী সদস্যৰ পদ কৰ্তন কৰাত দুখ প্ৰকাশ কৰিছে ৰেওৰেওৱা নাৰ্জিহাৰীয়ে । এই সন্দৰ্ভত নাৰ্জিহাৰীয়ে কয়, "মই দলীয় সভাত উন্নয়নমূলক কাম-কাজৰ বিষয়েহে কৈছিলোঁ । যি কোৱা হৈছিল, সেয়া দলৰ স্বাৰ্থতহে কোৱা হৈছিল । বিজেপিৰ কৰ্মীসকলে একো নোপোৱা কথাৰ আঁত ধৰিয়ে মই উন্নয়নমূলক কাম-কাজৰ কথা কৈছিলোঁ । মোৰ যদি ভুল হৈছিল তেনেহ'লে মোলৈ প্ৰথমতে জাননী জাৰি কৰা উচিত আছিল নতুবা প্ৰমোদ বড়োৱে মোক মাতি কথাষাৰ ক'ব পাৰিলেহেঁতেন । বিজেপিৰ পৰা কাৰ্যবাহী সদস্য হোৱাৰ পিচতো মোৰ কাৰ্যবাহী পদ কৰ্তন কৰাটো দুঃখজনক ।"

লগতে পঢ়ক :ডাঙৰ মাছ বিজেপিয়ে গ্ৰাস কৰাৰ শংকাত বড়ো জাতীয়তাবাদ : নতুন ৰাজনীতিৰ উকমুকনি - BTR politics
লগতে পঢ়ক :ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ - ABSU President on BTR Politics

Last Updated : Aug 29, 2024, 2:28 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.