ETV Bharat / state

হোটেল ভিভান্টাত ’মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানী আঁচনি’ অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 8:03 AM IST

'মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানী আঁচনি' ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান ৷ মহানগৰীৰ হোটেল ভিভান্টাত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ ইয়াৰে 5 গৰাকীক 5 গৰাকী শীৰ্ষ ছাত্ৰ-ছাত্ৰীক বেংগালুৰু আৰু আন 5 জন ছাত্ৰ-ছাত্ৰীক বিদেশত বিজ্ঞান মানসিকতা বৃদ্ধিৰ বাবে পঠোৱা হ'ব বুলিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে ।

CM Science Talent Search Scheme program at Taj Vivanta guwhati
ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

গুৱাহাটী, 10 ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষাৰ্থীসকলক বৈজ্ঞানিক চিন্তা-ধাৰাৰ প্ৰতি আগ্ৰহী কৰি বিজ্ঞান মনস্কতাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছে "মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানী আঁচনি' ৷ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ তত্বাৱধানত ৰূপায়ণ কৰা "মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান" আঁচনিৰ অংশস্বৰূপে শুকুৰবাৰে মহানগৰীৰ হোটেল ভিভান্টাত আঁচনিখনৰ অধীনত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক মত বিনিময় অনুষ্ঠানত মিলিত হয় । এই আঁচনিত প্ৰথম পৰ্যায়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 542 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

পৰৱৰ্তী সময়ত 542 গৰাকীৰ ভিতৰত 110 গৰাকীক বাছনি কৰা হয় । এই আঁচনিৰ অধীনত আই আই টি গুৱাহাটীত যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ আয়োজন কৰা 5 দিনীয়া মাৰ্গদৰ্শন কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । ইয়াৰ পিচতে একেদিনাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে মত-বিনিময় অনুষ্ঠানত অংশ লয় । উল্লেখ্য যে, 110 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 5 গৰাকী শীৰ্ষ ছাত্ৰ-ছাত্ৰীক বেংগালুৰুত অৱস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহত অনুসৰণৰ বাবে পঠোৱা হ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে চলিত বৰ্ষতে 5 জন ছাত্ৰ-ছাত্ৰীক বিদেশত বিজ্ঞান মানসিকতা বৃদ্ধিৰ বাবে পঠোৱা হ'ব বুলিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে । মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত, আইআইটি গুৱাহাটীৰ সঞ্চালক ড° ৰাজীৱ আহুজা, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, এছটেকৰ সঞ্চালক ড° জয়দীপ বৰুৱা, বিভাগৰ বিশেষ সচিব তথা অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজু, আইআই টি গুৱাহাটীৰ ডীন ড° পৰমেশ্বৰ আয়াৰৰ লগতে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, এছটেকৰ বিষয়া আৰু আই আই টি গুৱাহাটীৰ অধ্যাপকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: এইখন চৰকাৰে অসমৰ ভৱিষ্যৎ সলনি কৰাৰ পৰিৱেশ ৰচনা কৰিছে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.