ETV Bharat / state

ওডিশাৰ পৰাই ক্ষয়-ক্ষতিৰ বুজ লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : সন্ধিয়া জৰুৰী বৈঠক - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 4:09 PM IST

Cyclone Remal: ৰেমলৰ প্ৰভাৱত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ মঙলবাৰে বুজ লয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্দৰ্ভত আজি কিছু সময় পিচতে ভিডিঅ' কনফাৰেন্সযোগে পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্রীগৰাকীয়ে ৷ উপস্থিত থাকিব মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, জিলা আয়ুক্ত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়া ৷

CM ORDERS TO TAKE NECESSARY MEASURES OF THE DAMAGE CAUSED BY STORMS AND RAINS
উদ্বিগ্ন মুখ্যমন্ত্রী (Etv bharat assam)

গুৱাহাটী, 28 মে': ৰেমলৰ প্ৰভাৱত ৰাজ্যখনত অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ । নিৰ্বাচনকেন্দ্ৰিক কাৰ্যসূচীৰ বাবে ওডিশাত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আজি সন্ধিয়া 5.30 বজাত মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলা আয়ুক্ত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা সতর্কতামূলক ব্যৱস্থাৰ পর্যালোচনা কৰিব । এই বৈঠকতে ক্ষতিগ্ৰস্তসকলৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ লগতে তাৎক্ষণিক সাহায্য প্ৰদানৰো ব্যৱস্থা লোৱা হ'ব ।

CM ORDERS TO TAKE NECESSARY MEASURES OF THE DAMAGE CAUSED BY STORMS AND RAINS
ৰেমলৰ প্ৰভাৱত ৰাজ্যত হোৱা ক্ষয়-ক্ষতি (Etv bharat assam)

আনহাতে মুখ্য সচিবে জিলা আয়ুক্তসকলক ফেৰীঘাটসমূহ পৰিদৰ্শন কৰি সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে ।

ৰাজ্যত ৰেমলৰ প্ৰভাৱ:

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম আৰু উত্তৰ-পূৱত প্ৰৱেশ কৰা ঘূৰ্ণিবতাহ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতর্কবাণী অনুসৰি ৰাজ্যখনত সৃষ্টি হোৱা বৰষুণ আৰু ঘূৰ্ণিবতাহৰ ফলত 27 মে'ৰ পৰা ঠায়ে ঠায়ে জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে । ওডিশাত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ মুখ্য সচিবৰ লগত ফোনযোগে বার্তালাপ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ সাহায্য, পুনৰ সংস্থাপন আৰু সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে ।

ৰাজ্যৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতি:

বতাহ-বৰষুণৰ ফলত ৰাজ্যখনৰ ঠায়ে ঠায়ে গছ বাগৰি পৰাৰ বাবে বিদ্যুতৰ খুঁটা আৰু ঘৰ-ভেঁটি আদি ক্ষতিগ্ৰস্ত হয় ৷ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বাহিনী, অগ্নিনির্বাপক বাহিনী, বিদ্যুৎ বিভাগ, স্বাস্থ্য বিভাগ আৰু বন বিভাগৰ বিষয়াসকলক অধিক সতৰ্ক হৈ থকাৰ লগতে উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ কামত নিয়োজিত কৰা হৈছে । কৰিমগঞ্জ জিলাৰ কিছু কিছু অংশত কৃত্রিম বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসন অধিক সতৰ্ক হৈ পৰিছে । ধুবুৰী, দক্ষিণ শালমাৰা, বজালী, বৰপেটা আৰু নলবাৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, তামুলপুৰ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট প্ৰযোজ্য হৈ আছে । ৰাজ্যৰ বাকী জিলাসমূহত 28 আৰু 29 মে'ৰ বাবে হালধীয়া এলার্ট জাৰি কৰা হৈছে ।

উদ্বিগ্ন মুখ্যমন্ত্রী (X)

দুজনৰ মৃত্যু:

ৰেমলৰ প্ৰভাৱত ৰাজ্যখনত অব্যাহত ধুমুহা-বৰষুণৰ তাণ্ডৱৰ ফলত ঢেকিয়াজুলিত কেইবাজনো শিক্ষাৰ্থী আহত হোৱাৰ উপৰিও দুগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । এই ধুমুহা আৰু বৰষুণৰ ফলত মৰিগাঁও জিলাত গছ বাগৰি কৌশিক বৰদলৈ আম্ফি আৰু গেৰুকামুখত এন এইছ পি চি প্ৰকল্পৰ ভূমিস্খলনত পুতুল গগৈৰ থিতাতে মৃত্যু ঘটে ৷ নিহতসকলৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্রকাশ কৰে । মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্রদান নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ প্রদান কৰিছে ।

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.