ETV Bharat / state

ধৰ্মীয় গোড়ামিৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে: মুখ্যমন্ত্ৰী - HIMANTA BISWA SARMA

সৰুপথাৰত কুশল কোঁৱৰ ষ্টেডিয়ামৰ লগতে ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ । বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv BharatETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 8:59 PM IST

সৰুপথাৰ: সৰুপথাৰত সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও শুভ উদ্বোধনীৰ লগতে আধাৰশিলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে । সৰুপথাৰক সমজিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কুশল কোঁৱৰ ষ্টেডিয়ামৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এটি ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিচতেই সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত এটি চুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ মণ্ডল বিজেপি কাৰ্যালয়ৰ এটি সভাগৃহৰো শুভ উদ্বোধন কৰে । সমান্তৰালকৈ তেওঁ সৰুপথাৰ ছেৱাগুৰিস্থিত এটি গ্ৰাম্য ষ্টেডিয়াম উদ্বোধন কৰে । সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ তত্বাৱধানত পোন্ধৰ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা সৰুপথাৰ সমজিলাৰ অসামৰিক চিকিৎসালয়খনো উদ্বোধন কৰে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসামৰিক চিকিৎসালয়তে নুমলীগড় তেল শোধনাগাৰৰ চি এছ আৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা এটি অক্সিজেন প্লেন্টৰ শুভ উদ্বোধন কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ইনড'ৰ ষ্টেডিয়াম শুভ উদ্বোধন কৰাৰ সময়ত বক্সাৰ লাভলীনা বৰগোহাঁই, লনবল খেলুৱৈ নয়নমণি শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যমুনা বড়ো, অসমৰ একমাত্ৰ মহিলা চেইলৰ নিশামনি বৰা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

ধৰ্মীয় গোড়ামিৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে :

মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয়, " পূৰ্বতে পাকিস্তানত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ হৈছিল । এতিয়া মুছলমান দেশ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণে আমাক বেদনাসিক্ত কৰি তুলিছে । যি দেশে ধৰ্মীয় গোড়ামি কৰে, ধৰ্মীয় গোড়ামিৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে ।"

লগতে পঢ়ক:৯ ডিচেম্বৰত নতুন মন্ত্রীয়ে লাভ কৰিব দপ্তৰ, সাল-সলনি হ'ব বিভাগৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.