গুৱাহাটী, 17 জুন: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ হৈ থকা প্ৰসূতি আৰু শিশুৰ হাস্পতালৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে হাস্পতালখন পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৩৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ৮ মহলীয়া হাস্পতালখন ।
কেৱল শিশু আৰু মাতৃৰ চিকিৎসাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে এইখন হাস্পতাল ৷ য’ত থাকিব ১০০০ খন বিচনা, যাতে পৰ্যাপ্ত বিচনাৰ অভাৱত এতিয়াৰে পৰা কোনো প্ৰসূতি আৰু শিশুৱে হাস্পতালৰ মজিয়াত শুব লগা, চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় ।
তেওঁ কয় যে, শিশু আৰু মাতৃৰ চিকিৎসাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰি থকা হাস্পতালখনৰ ২০২৫ চনৰ এপ্ৰিলত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব । তদুপৰি ২০২১ চনৰ পৰা যিমানকেইটা প্ৰকল্পৰ কাম চলি আছে, সেই আটাইবোৰৰ নিৰ্মাণকাৰ্য ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।
উল্লেখ্য যে, বৰ্তমান অসমৰ ১২ খন জিলাত ৩৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম অব্যাহত আছে । যাৰ ভিতৰত আছে ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম ৷ প্ৰকল্পবোৰৰ কাম যাতে ধনৰ অভাৱৰ বাবে যতি নপৰে, তাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত আৰু লোকনিৰ্মাণ বিভাগৰ মাজত সামঞ্জস্য থকাটো নিচেই প্ৰয়োজনীয় ৷ সেয়েহে সমগ্ৰ কামৰে তদাৰকৰ দায়িত্ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই লোৱা বুলিও প্ৰকাশ কৰে ৷
লগতে পঢ়ক: শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণৰত নতুন প্ৰেক্ষাগৃহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma
সোমবাৰে এইখিনি কাম তদাৰক কৰাৰ পিচত মঙলবাৰে নতুনকৈ নিৰ্মাণ হৈ থকা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু প্ৰাগজ্যোতিষ হাস্পতালৰ নিৰ্মাণকাৰ্য চাবলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ কাম ২০২৫ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
কিন্তু ২০২৫ চনত হাস্পতালখনৰ অট্টালিকাটোৰ নিৰ্মাণৰ কামহে সম্পূৰ্ণ হ'ব । সম্পূৰ্ণ হাস্পতালখন নিৰ্মাণৰ ক্ষেত্ৰত আৰু দুবছৰ সময়ৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৷ ইপিনে প্ৰাগজ্যোতিষ হাস্পতালৰ কাম ২০২৫ চনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব ।
লগতে পঢ়ক: এবছৰত স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে - GUWAHATI POLICE