ETV Bharat / state

অবিনাশৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা - Minor boy drowns in drain

Himanta Biswa Sarma : সোমবাৰে অবিনাশ সৰকাৰৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক সান্ত্বনা দিয়াৰ লগতে অবিনাশৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷ জ্যোতি নগৰৰ নলাত পৰি সন্ধানহীন হোৱা 8 বছৰীয়া অবিনাশ সৰকাৰৰ মৃতদেহ দেওবাৰে পুৱা মহানগৰীৰ ৰাজগড়ত উদ্ধাৰ হৈছিল ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:36 PM IST

MINOR BOY SWEPT AWAY IN DRAIN
অবিনাশ সৰকাৰৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)

গুৱাহাটী, 8 জুলাই : অবিনাশৰ নুনমাটি ভৱানীপুৰস্থিত শ্যামনগৰৰ বাসগৃহত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অবিনাশৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃ তথা পৰিয়ালটোক সান্ত্বনা দিয়াৰ লগতে অবিনাশৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অবিনাশৰ পিতৃৰ সৈতে বাৰ্তালাপ কৰি তেওঁক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ মাতি পঠোৱা বুলি জনায় ৷

অবিনাশৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)

বৃহস্পতিবাৰে জ্যোতি নগৰৰ নলাত পৰি সন্ধানহীন হোৱা 8 বছৰীয়া অবিনাশ সৰকাৰৰ মৃতদেহ দেওবাৰে পুৱা মহানগৰীৰ ৰাজগড়ত উদ্ধাৰ হৈছিল ৷ বৃহস্পতিবাৰৰ পৰা চলি থকা উদ্ধাৰ অভিযানস্থলীত শনিবাৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিছিল ৷ তদুপৰি অবিনাশৰ পিতৃ-মাতৃক সান্ত্বনা দিয়াৰ লগতে তেওঁলোকক ঘৰলৈ যোৱাৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে সোমবাৰে পৰিয়ালটোৰ বাসগৃহত উপস্থিত হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেই কথা ৰাখি আজি অবিনাশৰ বাসগৃহত বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক : 45 ঘণ্টা পাৰ হ'ল, এতিয়াও সন্ধান ওলোৱা নাই অবিনাশৰ : উদ্ধাৰ অভিযানস্থলীত মুখ্যমন্ত্ৰী - Minor Boy Drowns In Drain

উল্লেখ্য যে, 4 জুলাই বৃহস্পতিবাৰে মহানগৰীৰ নলাত পৰি সন্ধানহীন হৈছিল 8 বছৰীয়া এটি শিশু ৷ বৃহস্পতিবাৰৰ নিশা পিতৃৰ সৈতে ঘৰলৈ ওভতি অহাৰ সময়তে স্কুটীৰ পৰা পৰি নলাত উটি গৈ নিখোজ পৰিছিল গুৱাহাটী নিবাসী 8 বছৰীয়া শিশুটি ৷ এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকাহত হৈ পৰিছিল ৰাজ্যবাসী ৷ ঘটনাৰ পিচতে নিজ সন্তানক বিচাৰি নলাত নামি দিনে-নিশাই সন্ধান চলাইছিল অবিনাশৰ পিতৃয়ে ৷ এই কৰুণ দৃশ্যই সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাইছিল ৷ পুত্ৰক বিচাৰি নাপায় পথৰ দাঁতিতে নিশা কটাবলৈ বাধ্য হয় অবিনাশৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ।

পিতৃৰ সৈতে বৃহস্পতিবাৰৰ নিশা স্কুটীত আহি থাকোতেই এটা নলাৰ কাষতে স্কুটীখন পিচলি পৰিছিল ৷ সেই স্কুটীখনত অবিনাশৰ পিতৃ আৰু তেওঁৰ এগৰাকী বন্ধুৰ সৈতে আহি আছিল 8 বছৰীয়া শিশুটি ৷ কিন্তু স্কুটীখন পিচলি যোৱাত নলাত পৰি যায় অবিনাশ ৷ অৱশেষত ধাৰাবাহিক অভিযানৰ অন্তত দেওবাৰে অৰ্থাৎ 7 জুলাইৰ পুৱা উদ্ধাৰ কৰা হয় অবিনাশৰ নিথৰ দেহ ৷

লগতে পঢ়ক : হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.