ETV Bharat / state

আজি কেৱল পূজা, আজি মই 'পলিটিকেল' কথা কোৱা নাই : মুখ্যমন্ত্ৰী

Durga Puja : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা চাবলৈ গ'লে হেনো ৰাজনৈতিক মন্তব্য় নকৰে । দেৱীক প্ৰণাম জনাই ৰাইজৰ মংগলৰ প্ৰাৰ্থনাহে কৰিলে ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 5:11 PM IST

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

চিৰাং, ১১ অক্টোবৰ: শুকুৰবাৰে চিৰাং জিলাৰ বাসুগাঁৱৰ তিনিখনকৈ দুৰ্গা পূজাস্থলী দৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱীৰ আশিস গ্ৰহণ কৰে । নৱমী পূজাৰ দিনটোত বাসুগাঁও নগৰত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে তিনিখনকৈ দুৰ্গা পূজাত অংশগ্ৰহণ কৰে ।

চেল্ফী উঠিবলৈ হেতাওপৰা

বাসুগাঁৱৰ দুৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ বাবে জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলে যদিও সাধাৰণ জনতাই মুখ্য়মন্ত্ৰীগৰাকীক ওচৰতে পাই চেল্ফী উঠিবলৈ হেতাওপৰা লগায় । কোকৰাঝাৰৰ পৰা পোনে পোনে বাসুগাঁও নগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে থানা ৰোড থুৰিবাৰী দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় । তাৰ পিছত শতবৰ্ষ গৰকা ঐতিহাসিক বাসুগাঁও বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় । মুখ্য়মন্ত্ৰীগৰাকীয়ে বাসুগাঁও বি টি চি ৰোড সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপতো উপস্থিত হৈ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে ।

ৰাইজক মা দুৰ্গাই আশীৰ্বাদ কৰিব

পূজাত আশিস গ্ৰহণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাইজক পূজাৰ শুভেচ্ছা জনাই কয়," আজি মহানৱমী পূজা । দুৰ্গা মাই আজি সিদ্ধিদাত্ৰী ৰূপে অৱস্থান কৰে । অসমবাসী ৰাইজক মা দুৰ্গাই আশীৰ্বাদ কৰিব । সকলোৰে ঘৰৰ পৰা অমংগল আঁতৰি যাব । সমাজৰ পৰা অন্য়ায় আঁতৰি যাব ।"

আজি মই পলিটিকেল কথা কোৱা নাই

ইপিনে, চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কোনো ৰাজনৈতিক মন্তব্য় আগবঢ়োৱাৰ পৰা আঁতৰি থকা বুলি উল্লেখ কৰি কয়," আজি মই পলিটিকেল কথা কোৱা নাই । আজি পূজা চোৱা ।"

লগতে পঢ়ক:মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি

লোকাৰণ্য কামাখ্যা ধাম; নৱৰাত্ৰিৰ পৰা অব্যাহত কুমাৰী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.