ETV Bharat / state

শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণৰত নতুন প্ৰেক্ষাগৃহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma - HIMANTA BISWA SARMA

New auditorium at Sankaradeva Kalakshetra : 49 কোটি টকা ব্যয় সাপেক্ষে শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ কৰি থকা হৈছে নতুন প্ৰেক্ষাগৃহ ৷ কি কি সুবিধা থাকিব প্ৰেক্ষাগৃহটোত ?

New auditorium at Sankaradeva Kalakshetra
শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণৰত নতুন প্ৰেক্ষাগৃহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 10:23 PM IST

গুৱাহাটী, ১৬ জুন : গুৱাহাটীস্থিত কৃষি বিভাগৰ কাৰ্যালয়ত নিৰ্মীয়মাণ অৱস্থাত আছে 5 হাজাৰ দৰ্শকে একেলগে বহি অনুষ্ঠান উপভোগ কৰিবপৰা এটা বিশাল প্ৰেক্ষাগৃহ ৷ সমান্তৰালকৈ শংকৰদেৱ কলাক্ষেত্ৰতো 850 গৰাকী দৰ্শকে অনুষ্ঠান উপভোগ কৰিবপৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে ৷

শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণৰত নতুন প্ৰেক্ষাগৃহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

শংকৰদেৱ কলাক্ষেত্ৰৰ এই তৃতীয়টো প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশাপ্ৰকাশ কৰে যে 2025 বৰ্ষৰ এপ্ৰিল মাহত উক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব ৷ উল্লেখ্য যে, 49 কোটি টকা ব্যয় সাপেক্ষে প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰি থকা হৈছে ৷

লগতে পঢ়ক: সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয়

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে, গুৱাহাটী মহানগৰাকীত সম্প্ৰতি চাৰিটা উল্লেখযোগ্য প্ৰকল্পৰ কাম কৰি থকা হৈছে ৷ ইয়াৰে প্ৰথমটো হ’ল 5 হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ, দ্বিতীয়টো হ’ল শংকৰদেৱ কলাক্ষেত্ৰৰ 850 আসনযুক্ত প্ৰেক্ষাগৃহ, তৃতীয়টো হ’ল কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নতুন কাৰ্যালয়, চতুৰ্থটো হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ৷ দেওবাৰে এই সকলোকেইটা প্ৰকল্পৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ড৹ শৰ্মাই আশাপ্ৰকাশ কৰে যে, আটাইকেইটা প্ৰকল্প 2025 বৰ্ষৰ এপ্ৰিলত সম্পূৰ্ণ হ’ব ৷ প্ৰকল্পকেইটাৰ নিৰ্মাণকাৰ্যত হ’ব পৰা সকলো সমস্যা সমাধান কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: এতিয়াৰে পৰা মুখ্যমন্ত্রী, মন্ত্রী-আমোলাই বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল

ইফালে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেঁতুত ফাটমেলাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই সন্দৰ্ভত তেওঁ অভিযন্তাৰ লগত ইতিমধ্যে কথা পাতিছে ৷ অভিযন্তাই মুখ্যমন্ত্ৰীক জানিবলৈ দিয়ে যে সেয়া ফাঁটমেলা নাই ৷ দুটা জইণ্টৰ মাজৰ ফাঁকহে ৷ গতিকে তাক লৈ একো চিন্তা কৰিবলগীয়া নাই বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সেই ফাঁকত চিমেণ্ট দি থোৱা আছে আৰু এটা সময়ত সেয়া নাইকীয়া হৈ যাব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই ৷

লগতে পঢ়ক: অক্টোবৰত ঠিকনা সলনি হ’ব কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.