ETV Bharat / state

আজি বোকাখাতৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 1:22 PM IST

Updated : Jul 2, 2024, 3:38 PM IST

Flood in Golaghat : বোকাখাতত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ এই পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে বোকাখাতলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দিনৰ ১ বজাত বংকোৱাল মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে থাকিব বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা । প্ৰশাসনৰ উদ্যোগত অব্যাহত উদ্ধাৰ অভিযান ৷

CM Himanta Biswa sarma to visit flood hit areas of Bokakhat on tuesday
বোকাখাতৰ বানবিধস্ত অঞ্চল (ETV Bharat Assam)

গোলাঘাট, 2 জুলাই : গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত কাল ৰূপ ধাৰণ কৰিছে আহাৰৰ বানে । জিলাখনৰ দেৰগাঁও, খুমটাই আৰু বোকাখাত সমষ্টিত বানে ধাৰণ কৰিছে জটিল ৰূপ ৷ জিলাখনৰ বোকাখাতত মঙলবাৰে উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এইবাৰ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ বানপানী প্ৰতিৰোধী মথাউৰিলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে বাঢ়নি পানীয়ে । মথাউৰিটোৰ একাধিক স্থান ওপৰেদি পানী বাগৰিছে । এই বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ বাবে মঙলবাৰে বোকাখাতলৈ আহিব মুখ্যমন্ত্ৰী । মঙলবাৰে দিনৰ 1 বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে বংকোৱালৰ ভগা মথাউৰি পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ।

লগতে অঞ্চলটোৰ ৰাইজৰ সৈতেও মতবিনিময় কৰিব । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা । উল্লেখ্য যে, বোকাখাতত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ৷ বোকাখাত যোগনীয়া দেওনীয়া প্ৰাথমিক বিদ্যালয়খন এতিয়া সম্পূৰ্ণ পানীৰ তলত । নিশাৰ ভিতৰতে বানত ডুবিল বিদ্যালয়খন ।

উদ্ধাৰ অভিযান অব্যাহত

বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়াই প্ৰৱল বৃষ্টিপাতৰ মাজতো জলবন্দী বানাক্ৰান্ত লোকক উদ্ধাৰ অভিযানত নামি পৰিছে । বৰ্তমানেও বানৰ মাজত বহুলোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

বানত আৱদ্ধ 59 খন গাঁও

গোলাঘাট জিলা প্ৰশাসনে দিয়া এক তথ্য অনুসৰি খুমটাই সমষ্টিৰ 18 খন গাওঁ, দেৰগাঁও সমষ্টিৰ 11 খন গাওঁ আৰু বোকাখাত সমষ্টিৰ 30 খনকৈ গাঁও বানপানীৰ কৱলত পৰিছে ৷ ইয়াৰে খুমটাই সমষ্টিত 15960 গৰাকী, দেৰগাঁও সমষ্টিত 10597 আৰু বোকাখাত সমষ্টিত 29352 গৰাকী লোক বানপানীৰ কবলত পৰিছে । ইয়াৰে 26543 গৰাকী মহিলা 22216 গৰাকী পুৰুষ আৰু 7110 টি শিশু আছে ।

আশ্ৰয় শিবিৰ স্থাপন

বৰ্তমান বোকাখাত সমষ্টিত তিনিটা আশ্ৰয় শিবিৰ স্থাপন কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ।

লগতে পঢ়ক: বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও ! - Assam Flood 2024

ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ; মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি - Assam flood 2024

চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

Last Updated : Jul 2, 2024, 3:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.