ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 7:52 PM IST

Himanta Biswa Sarma : এতিয়াৰে পৰা মুছলমানৰ মাটি বিক্ৰীৰ পূৰ্বে হিন্দুৱে ল’ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি ৷ লাভ জিহাদ কৰিলে হ’ব যাৱজ্জীৱন কাৰাদণ্ড ৷ শ্ৰমিকক উভতাই দিয়া হ’ব চাহ বাগিচাৰ ক‘লনীৰ মাটি ৷

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (X/@himantabiswa)

গুৱাহাটী, ৪ আগষ্ট : কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিবাহ সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কাৰ্যনিৰ্বাহক সভাখনত মুখ্যমন্ত্ৰীয়ে আগবঢ়ায় কেবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য ৷ ৰাজ্যত কেবাখনো আইন অনাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

সেই আইনকেইখন ক্ৰমে :

  • এতিয়াৰে পৰা লাভ জেহাদৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ লাভ জেহাদ কৰা লোকসকলে এতিয়াৰে পৰা যাৱজ্জীৱন কাৰাদণ্ড ভুগিব লাগিব ৷ এই বিষয়ত অতিশীঘ্ৰে ৰাজ্যত প্ৰযোজ্য হ’ব আইন ৷ এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৷ তেওঁ কয় যে কিছুদিনৰ ভিতৰতে লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ ৰূপান্তৰ হ’ব ৷
  • অবিভক্ত গোৱালপাৰাৰ বাবে বিশেষ আইন অনা হ’ব ৷ মুখ্যন্ত্ৰীয়ে কয় যে গোৱালপাৰাৰ এক বিশেষ মহত্ব আছে ৷ কিন্তু থলুৱা লোকসকলৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আছে ৷ নিজৰ মাটিতে সংখ্যালঘু হৈছে থলুৱা লোকসকল ৷ কিছুদিনৰ ভিতৰতে এখন আইন আনি বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰিব নোৱৰা ব্যৱস্থা কৰা হ’ব ৷
  • চাহ বাগিচাৰ ক’লনীৰ মাটি শ্ৰমিকক উভতাই দিয়া হ’ব ৷ মাটিৰ ম্যাদী পট্টাসহকাৰে চাহ শ্ৰমিকক ক’লনীৰ মাটি উভতাই দিয়া হ’ব ৷
  • জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰেও জনজাতীয় সৰু সৰু গাঁওসমূহ মাইক্ৰ’ ট্ৰাইবেল্ট বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰা হ’ব ৷ যাতে জনজাতীয় লোকৰ মাটিত আন লোকে চকু দিব নোৱাৰে ৷ এই সম্পৰ্কে বিধানসভাত নতুন আইন অনা হ’ব ৷
  • মুখ্যমন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব নোৱাৰিব ৷ মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিচতহে মাটি বিক্ৰীৰ অনুমতি ল’ব পাৰিব ৷
  • অসমত জন্মগ্ৰহণ কৰা যুৱক-যুৱতীহে লাভ কৰিব চৰকাৰী চাকৰি ৷ এই সন্দৰ্ভত অহা দুমাহৰ ভিতৰত নতুন নীতি আনিব ৰাজ্য চৰকাৰে ৷
  • বৰপেটা, বটদ্ৰৱা আৰু মাজুলীৰ ক্ষেত্ৰতো অনা হ’ব নতুন আইন৷ এই তিনি ঠাইৰ স্থানীয় মাটি থলুৱা লোকৰ বাহিৰে আন লোকে ক্ৰয় কৰিব নোৱাৰিব ৷ ৰাইজে যদি আন অঞ্চলো এই আইনৰ অধীনলৈ আনিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়া আন অঞ্চলো সুৰক্ষিত কৰিবলৈ চৰকাৰ আগবাঢ়িব ৷
  • কামাখ্যা, নৱগ্ৰহ সুৰক্ষিত কৰিবলৈ ক’লেও চৰকাৰে সুৰক্ষিত কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে কয় চণ্ডীগড় সমান অসমৰ মাটি বিশেষ সম্প্ৰদায়ৰ পৰা বেদখলমুক্ত কৰা হৈছে ৷ এতিয়াও ২০ খন চণ্ডীগড়ৰ সমান মাটি দখল কৰিয়েই আছে ৷

লগতে পঢ়ক : কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি

লগতে পঢ়ক : দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.