ETV Bharat / state

ৰাজ্যজুৰি জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ ৷ ঠায়ে ঠায়ে প্ৰধানমন্ত্ৰী, জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ।

CHUTIA STUDENTS UNION PROTEST
ৰাজ্যজুৰি জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 8:13 PM IST

নিউজ ডেস্ক, ১৪ অক্টোবৰ: চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত সোমবাৰে চুতীয়া জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সন্থাৰ প্ৰতিখন জিলা সমিতিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমিতিৰ সদস্যসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জনজাতি উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাট

চুতীয়া জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ মাজমজিয়াৰ বাটা চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী, জনজাতি উন্নয়ন পৰিক্ৰমা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পুত্তলিকা দাহ কৰে । তেওঁলোকে বৰ্তমানৰ চৰকাৰখনে চুতীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি ছমাহৰ ভিতৰত জনগোষ্ঠীটোৰ সমস্যাসমূহ চৰকাৰখনে সমাধান নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷

ৰাজ্যজুৰি জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি (ETV Bharat Assam)

লখিমপুৰ

চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, চুতীয়া ৰাজত্বকালৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্যবৰ্ধনৰ দাবীত লখিমপুৰতো সংগঠনটোৰ নেতৃত্বই আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰধানমন্ত্ৰী, কেন্দ্রীয় জনজাতি দপ্তৰৰ মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদী ছাত্র সংগঠনটোৰ নেতৃত্বই কয় যে চুতীয়াসকল স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত অৱহেলিত হৈ আছে । জনগোষ্ঠীটোক জনজাতি কৰিম বুলি চৰকাৰে বঞ্চনা কৰিছে । আগন্তুক ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্যবৰ্ধনৰ ব্যৱস্থা নকৰিলে বিজেপিক নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ দিয়া নহ'ব বুলি সংগঠনটোৰ নেতৃত্বই হুংকাৰ দিয়ে ।

শিৱসাগৰ

শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিতো চুতীয়া জাতি ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক জনগোষ্ঠীয় স্বীকৃতি প্ৰদানৰ দাবী জনায় । বিগত দিনবোৰত জনজাতিকৰণৰ নামত চৰকাৰে আভুৱা ভাৰি অহাৰ অভিযোগ কৰি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে চুতীয়া ছাত্র সংগঠনটোৱে ।

ধেমাজি

ইফালে ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ তেওঁলোকে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰে ৷

তিনিচুকীয়া

তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই চহৰখনৰ থানা চাৰিআলিত প্ৰধানমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ উত্তৰ-পূর্ব্বাঞ্চলৰ অন্যতম আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীৰ ৰাইজ বর্তমান বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দিনতো অতিকৈ পিছ পৰি ৰোৱাৰ অভিযোগ উত্থাপন কৰি জনগোষ্ঠীটোৰ সর্বাঙ্গীন উন্নয়নৰ বাবে কোনো এখন চৰকাৰে আজিলৈকে গুৰুত্ব প্রদান কৰা নকৰাক লৈ সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ।

লগতে পঢ়ক: চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য় - Chutia Students Union protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.