ETV Bharat / state

কিমান তললৈ গ'লে শিশুক নিচাজাতীয় দ্ৰব্য খুৱাই চলাব পাৰে নিৰ্যাতন ? - Child abuse in Kerala - CHILD ABUSE IN KERALA

Child abuse in Kerala: কেৰালাত অকথ্য নিৰ্যাতনৰ বলি দুই শিশু । কেৰালাত কৰ্মৰত নগাঁৱৰ যুৱকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । দুই সন্তানসহ মাতৃক পণবন্দী কৰি ধনদাবী । দুই শিশুক সেৱন কৰাই নিচাযুক্ত দ্ৰব্য । সন্তানসহ মহিলাগৰাকীক উদ্ধাৰৰ বাবে আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ পিতৃ ।

Children of Assam abused in Kerala by feeding them intoxicants
কেৰালাত নিচাযুক্ত দ্ৰব্য খুৱাই দুই শিশুক অকথ্য নিৰ্যাতন (Google)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 5:07 PM IST

কেৰালাত নিচাযুক্ত দ্ৰব্য খুৱাই দুই শিশুক অকথ্য নিৰ্যাতন (ETV Bharat Assam)

নগাঁও,২১ মে': কেৰালাত নিৰ্যাতিত অসমৰ শিশু । এটা ভাইৰেল ভিডিঅ'য়ে তোলপাৰ লগাইছে সৰ্বত্ৰে । কেৰালাত দুটি শিশুক নিচাযুক্ত দ্ৰব্য খুৱাই অকথ্য নিৰ্যাতন চলোৱাৰ ভিডিঅ'ক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত । কাম বিচাৰি কেৰালালৈ যোৱা নগাঁৱৰ জুৰীয়াৰ এগৰাকী মহিলাকো অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।

নগাঁও জিলাৰ জুৰীয়াৰ কাষৰিগাঁৱৰ আমজদ আলী নামৰ এগৰাকী ব্যক্তিৰ কন্যাক বিয়া পাতি কেৰালালৈ লৈ গৈছিল জুৰীয়া অঞ্চলৰেই এজন যুৱকে । অভিযোগ অনুসৰি দুটি কণমানি শিশুসহ মাতৃক লগত পিতৃ কাম কৰিবলৈ গৈছিল কেৰালালৈ । কিন্তু কেৰালাত কৰ্মৰত নগাঁৱৰ ৰূপহীহাটৰ জুৱেল নামৰ আন এজন যুৱকে মহিলাগৰাকীৰ স্বামীক গাঞ্জা কিনিবলৈ দিছিল ধন ।

পৰিয়ালক এৰি গাঞ্জা কিনি দিব নোৱাৰাৰ বাবেই দুই সন্তানসহ মহিলাগৰাকীক পণবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃয়ে । কেৱল পণবন্দী কৰাই নহয় দুই শিশুক নিচাযুক্ত দ্ৰব্য খুৱাই অকথ্য নিৰ্যাতন চলোৱাৰ ভিডিঅ' প্ৰেৰণ কৰে মহিলাগৰাকীৰ পিতৃলৈ । শিশু দুটিক চিগাৰেট সেৱন কৰোৱাই ম'বাইলত ভিডিঅ' কৰি ককায়েক অৰ্থাৎ মহিলাগৰাকীৰ পিতৃলৈ প্ৰেৰণ কৰে ।

আনকি ধনদাবী কৰা বুলিও অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পিতৃয়ে । কেৰালাৰ এনাকুলাম জিলাত দুই সন্তানসহ মহিলাগৰাকীক আৱদ্ধ কৰি জুৱেল নামৰ যুৱকজনে দুই সন্তানক নিৰ্যাতন চলোৱাৰ উপৰিও মহিলাগৰাকীকো অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃয়ে ।

দুই নাতিৰ লগতে কন্যাৰ ওপৰতো চলোৱা অকথ্য নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ পিতৃ । দুই সন্তানসহ মহিলাগৰাকীক আৱদ্ধ কৰা ঘটনাত নিজৰ জোঁৱায়েককো জগৰীয়া কৰি জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পিতৃ আমজদ আলীয়ে । এতিয়া দুই সন্তানসহ মহিলাগৰাকীক অতি শীঘ্ৰে উদ্ধাৰৰ বাবে আৰক্ষীক কাতৰ আহ্বান জনাই আমজদ আলীয়ে ।

পৰৱৰ্তী সময়ত মহিলাগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । শিশু সন্তানক নিচাযুক্ত দ্ৰব্য খুৱাই নিৰ্যাতন চলোৱাৰ উপৰিও মাতৃক অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগে প্ৰশ্নৰ অৱতাৰণা কৰিছে যে, কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ যোৱা শিশু-মহিলা কিমান সুৰক্ষিত ?

লগতে পঢ়ক: 7 বছৰীয়া ছাত্ৰীক নিৰ্যাতন শিক্ষকৰ; অপসাৰণৰ দাবী অভিভাৱকৰ - Teacher Beating Student

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.