ETV Bharat / state

দুৰ্যোগৰ আন এক নাম গুৱাহাটী : এতিয়াও উদ্ধাৰ হোৱা নাই নলাত পৰি উটি যোৱা শিশু - Flash Flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:01 PM IST

Updated : Jul 5, 2024, 6:22 PM IST

Flash Flood in Guwahati : কালিকা লাগিছে গুৱাহাটী মহানগৰীত । অপৰিকল্পিত নিৰ্মাণকাৰ্য আৰু চৰকাৰ-প্ৰশাসনৰ অমনোযোগিতাত এতিয়া ভয়ংকৰ বিপদত পৰিছে মহানগৰবাসী । তাৰেই ফলশ্ৰুতিত আৰু তিনিটাকৈ মৃত্যুৰ ঘটনাই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী মহানগৰবাসীৰ জীৱনৰ নিৰাপত্তাক লৈ । এফালে কৃত্ৰিম বান, আনফালে উন্মুক্ত নলা । ইয়াৰ উপৰি আছে ভূমিস্খলৰ ঘটনা । এক কথাত ক'বলৈ গ'লে দুৰ্যোগৰ আন এটা নাম যেন গুৱাহাটী মহানগৰী ।

Flash Flood in Guwahati
কৃত্ৰিম বান-ভূমিস্খলনত বিপৰ্যস্ত গুৱাহাটী (ETV Bharat Assam)

গুৱাহাটী, ৫ জুলাই : গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত দুটা শোকাৱহ ঘটনাই মহানগৰবাসীক শোকাহত কৰি তুলিছে । বৃহস্পতিবাৰে নিশা হোৱা মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত উন্মুক্ত নলাত পৰি উটি যায় এটি শিশু । যাৰ সন্ধান এতিয়ালৈকে ওলোৱা নাই । আনহাতে, শুকুৰবাৰে পুৱা সংঘটিত ভূমিস্খলনৰ ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় পুত্ৰসহ মাতৃয়ে ।

উল্লেখ্য, বৃহস্পতিবাৰে নিশা উন্মুক্ত নলাত পৰি উটি গৈছিল অভিলাষ সৰকাৰ নামৰ এটি শিশু । যাৰ সন্ধান এতিয়াও লাভ কৰা নাই । ইফালে শিশুটিক বিচাৰি উদ্বাউল হৈ নলাত নামি সন্ধান চলাইছে পিতৃ-মাতৃ তথা আত্মীয়ই । বৃহস্পতিবাৰে নিশা চানমাৰি থানাৰ অন্তৰ্গত জ্যোতিনগৰ অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।

পিতৃৰ লগত চাওমিন আৰু ম'ম' খাই ঘৰলৈ উভতিছিল নিৰুদিষ্ট শিশুটি । কিন্তু মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ প্ৰবল সোঁতত উন্মুক্ত নলাৰে উটি যায় দুৰ্ভগীয়া শিশুটি । ইফালে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে ঘটনাটোৰ বিষয়ে চানমাৰি থানাত জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষী তথা প্ৰশাসনে । কিন্তু সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰৰ পিচতহে ঘটনাস্থলীত উপস্থিত হয় চানমাৰি থানাৰ এ চি পি ।

আনহাতে, মহানগৰীত হোৱা মূষলধাৰ বৰষুণৰ ফলত আঠমাইল গাৰোবস্তিত সংঘটিত হয় আন এক শোকাৱহ ঘটনা । শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত ভূমিস্খলনৰ ঘটনাটোত শোৱাপাটিতে কৰুণ মৃত্যুক সাৱটি লয় দুই মাতৃ-পুত্ৰ ক্ৰমে ৰুমী দাস আৰু চম্পক দাসে ।

ইফালে বৃহস্পতিবাৰে নিশা হোৱা মূষলধাৰ বৰষুণজাকে মহানগৰীত সৃষ্টি কৰে কৃত্ৰিম বানৰ । চানমাৰি, ৰাজগড়, জু-ৰোড, জি এছ ৰোড, অনিল নগৰ, নবীন নগৰ, আমবাৰী, লাচিত নগৰ, কাহিলিপাৰা, হাতীগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ যায় । ঠায়ে ঠায়ে আনকি একাঁঠু পৰ্যন্ত পানী হয় । যাৰ ফলত ব্যাহত হৈ পৰে জন-জীৱন । পুৱা নিজ নিজ কৰ্মক্ষেত্ৰলৈ যোৱাতো সমস্যাৰ সৃষ্টি হয় । ইফালে বাট-পথসমূহত একাঁঠু পৰ্যন্ত পানী হোৱাত এক প্ৰকাৰে জলপ্ৰলয়ৰ সূচনা হয় গুৱাহাটী মহানগৰীত।

উল্লেখ্য যে এজাক বৰষুণ আহিলেই মহানগৰীত বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে । কিন্তু ইয়াৰ সমাধান সূত্ৰ আজিলৈকে উলিয়াব পৰা নাই বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে । প্ৰতিবছৰে মহানগৰবাসীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ কোটিটকীয়া আঁচনি গ্ৰহণ কৰে যদিও সেয়া ফলপ্ৰসূ নহয় । ইয়াৰ বিপৰীতে মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হ'লেই একপ্ৰকাৰ মৃত্যুদূতত পৰিণত হয় সমগ্ৰ মহানগৰী । আনহাতে, মহানগৰীৰ বিভিন্ন স্থানত থকা উন্মুক্ত নলাই বিপদ মাতে জনসাধাৰণৰ জীৱনলৈ ।

লগতে পঢ়ক :মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in assam
লগতে পঢ়ক :কোনোবাই যদি নিজৰ পিতৃক গালি পাৰে মইনো কি কৰিব পাৰো; গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ - Assam Floods 2024

Last Updated : Jul 5, 2024, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.