ETV Bharat / state

বৰপেটাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে - Child dies of electrocution

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 7:29 PM IST

Child dies of electrocution: বৰপেটাত সংঘটিত হয় এক শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে । শিশুটিক বচাবলৈ গৈ গুৰুতৰভাৱে আহত শিশুটিৰ মাতৃ । আহত মহিলাগৰাকী বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত চিকিৎসাধীন ।

Child dies of electrocution in Barpeta
বৰপেটাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে

বৰপেটা,৯ এপ্ৰিল: বৰপেটাত চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে । সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি শিশুটিৰ মাতৃক । বৰপেটা চহৰৰ সমীপৰ ভেৰালদি গাঁৱত মঙলবাৰে সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা । বিদ্যুৎস্পৃষ্ট হোৱা শিশুটিক বচাবলৈ গৈ গুৰুতৰভাৱে আহত হৈ অতি সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত চিকিৎসাধীন হৈ আছে শিশুটিৰ মাতৃ ৷

জানিব পৰা মতে ভেৰালদি গাঁৱৰ মজিদ আলীৰ পত্নী মালেকা বেগমে তেওঁৰ দুবছৰীয়া পুত্ৰ আৰিফুলক লগত লৈ পথাৰত ঘাঁহ কাটিবলৈ গৈছিল ৷ হাতত কাঁচি লৈ মাকৰ কাষতে খেলি থকা অৱস্থাত হঠাৎ বৈদ্যুতিক তাঁৰত কাঁচি লাগি বিদ্যুস্পৃষ্ট হৈ ঘটনাস্থলীতেই মৃত্যু হয় শিশুটিৰ । ইপিনে শিশুটি বিদ্যুৎস্পৃষ্ট হোৱাৰ পিচতে মাতৃ মালেকা বেগমে শিশুটিক বচাবলৈ আহি তেৱোঁ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ।

পিচত স্থানীয় ৰাইজে ততাতৈয়াকৈ শিশুটিক আৰু মাতৃক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি কৰে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ জানিব পৰা মতে স্থানীয় ছাহজাহান আলী নামৰ লোকজনে নিজ খেতিপথাৰত পানী যোগান ধৰাৰ বাবে নিজ ঘৰৰ পৰা মাটিৰ তলেৰে বৈদ্যুতিক তাঁৰ নি মটৰ সংস্থাপন কৰিছিল ।

খেতি পথাৰত অবৈধভাৱে তেনে ধৰণে বহু দূৰলৈ মাটিৰ তলেৰে বিদ্যুৎ পৰিবাহী তাঁৰ নি বিদ্যুৎ সংযোগ কৰাৰ ফলতেই এনে দুৰ্ভাগ্যজনক ঘটনাটি সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷ ছাহাজাহান আলীয়ে এনেদৰে অবৈধভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ পথাৰলৈ টানি নিয়া কাৰ্যৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ ঈদৰ প্ৰাকক্ষণত ভেৰালদি গাঁৱত সংঘটিত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: পৰীক্ষা দিবলৈ আহি বিদ্যালয়ৰ সন্মুখতে মৃত্যু দুই ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.