ETV Bharat / state

বগীবিল দলঙৰ ওপৰৰ পৰা পুনৰ ফেচবুক লাইভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা - ASSAM FLOOD 2024

Assam Flood : শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ৷ বগীবিল দলঙৰ ওপৰৰ পৰা পুনৰ ফেচবুক লাইভ মুখ্যমন্ত্রী ড৹ শৰ্মাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:55 PM IST

ASSAM CM FACEBOOK LIVE
বান পৰিস্থিতিকলৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)

গুৱাহাটী, 4 জুলাই : ভয়াৱহ বানৰ কবলত ৰাজ্য ৷ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ পুৱাৰ পৰা নিশালৈ ৰাজ্যৰ বিভিন্ন স্থানত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰেও মুখ্যমন্ত্ৰীয়ে বিভিন্ন স্থানৰ বান পৰিস্থিতিৰ বুজ লৈ নিশা ফেচবুক লাইভত আহে আৰু ব্যক্ত কৰে দিনটোৰ পৰিক্ৰমা ৷

নিশা বগীবিল দলঙৰ ওপৰৰে বাহনেৰে গৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কয় - 'মই এতিয়া বগীবিল দলঙৰ ওপৰত ৷ আজি ডিব্ৰুগড়ৰ পৰা মাতমৰা, ঢকুৱাখানা হৈ দুপৰীয়া মই মাজুলীলৈ গৈছিলো ৷ মাজুলীৰ বানাক্ৰান্তক এখন্তেক দেখা দিয়াৰ বাবে মাজুলীলৈ গৈছিলো ৷ যুগুনিবাৰীত ব্ৰক্ষ্মপুত্ৰৰ মথাউৰি এটা ভাঙি যথেষ্ট ক্ষতি কৰিছে ৷ ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে কথা পাতিলো ৷ আউনীআটি সত্ৰৰ প্ৰভু ইশ্বৰৰ লগতো কথা পাতিলো ৷ কাৰণ যুগুনিবাৰীৰ মথাউৰিটোৱে সৰ্বসাধাৰণ লোকৰ লগতে আউনীআটি সত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব ৷ সেয়েহে সত্ৰাধিকাৰ প্ৰভু ইশ্বৰেও মথাউৰিটো বিজ্ঞানসন্মত ভাৱে পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷'

লগতে পঢ়ক : বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam Flood 2024

মুখ্যমন্ত্ৰীয়ে লগতে কয় - 'মাজুলীলৈ যাওতে মাতমৰাৰ মথাউৰিটো চাই গ'লো ৷ মাতমৰাৰ মথাউৰিটোৰ এইবাৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই ৷ কিন্তু যদিহে মাতমৰাৰ মথাউৰিটো কেতিয়াবা ক্ষতি হয় তেন্তে গোটেই মাজুলী আৰু ঢকুৱাখানাত ত্ৰাসৰ সৃষ্টি কৰিব ৷ সেয়েহে মাতমৰাৰ মথাউৰিটো শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰায় 90 কোটি টকাৰ এখন নতুন আঁচনি লৈছো ৷ আজি মাতমৰা মথাউৰিত থিয় হৈ এই নতুন আঁচনিখনৰ বিষয়ে ৰাইজৰ লগত আলোচনা কৰিলো ৷'

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় - 'মাজুলীৰ যুগুনিবাৰীৰ মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম জল সম্পদ বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে ৷ যদি বৰষুণে অসুবিধাৰ সৃষ্টি নকৰে তেন্তে অহা সাতদিনৰ ভিতৰত মথাউৰিটো মেৰামতি কৰিব পৰা যাব ৷ 'নিশা ডিব্ৰুগড়ত থকাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় - 'কাইলৈ ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক সাক্ষাৎ কৰিম ৷ যিধৰণে হওক ৰাইজক সেৱা কৰাৰ প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকল বিভিন্ন জিলা সদৰত গৈ উপস্থিত হৈছে ৷ মই আশা কৰো তেওঁলোকৰ উপস্থিতিয়ে বান সাহায্য প্ৰক্ৰিয়াক অধিক তৰান্বিত কৰিব ৷'

লগতে পঢ়ক : ১০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব মাতমৰা মথাউৰি : ঘোষণা মুখ্যমন্ত্রীৰ - ASSAM FLOOD 2024

লগতে পঢ়ক : নিশা ফেচবুক লাইভত মুখ্যমন্ত্রী : ব্যক্ত কৰিলে দিনটোৰ কথা আৰু মনৰ ভাৱ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.