ETV Bharat / state

পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে - Changes is Assam Government - CHANGES IS ASSAM GOVERNMENT

Himanta Biswa Sarma Cabinet : এতিয়াৰে পৰা ৰাজ্যৰ নতুন স্বাস্থ্যমন্ত্ৰীৰ ৰূপত খোদ মুখ্যমন্ত্ৰী ৷ বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত নতুন দুটা বিভাগৰ উপৰিও গৃহ বিভাগ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ বিভাগ আৰু অন্য মন্ত্ৰীক বিতৰণ নকৰা বিভাগসমূহ আছে । এক বিশেষ জাননী জাৰি কৰি কাৰ্যকৰী কৰিলে নতুন নিৰ্দেশনা ৷

CHANGES IS ASSAM GOVERNMENT
দপ্তৰৰ সালসলনি (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 4:48 PM IST

গুৱাহাটী, 18 জুন: সম্প্ৰসাৰণৰ পূৰ্বে সামান্য সালসলনি ঘটিল ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত ৷ মঙলবাৰে এক নিৰ্দেশযোগে ৰাজ্য চৰকাৰে দপ্তৰৰ সালসলনি কৰাৰ লগতে খালী হোৱা বিভাগসমূহ ভগাই দিয়ে ।

CHANGES IS ASSAM GOVERNMENT
নিৰ্দশনা জাৰি (Etv Bharat Assam)

নতুন নিৰ্দেশনা অনুসৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ অধীনলৈ আনিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, যি দায়িত্ব পূৰ্বে আছিল কেশৱ মহন্তৰ অধীনত ৷ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্বও কেশৱ মহন্তৰ পৰা নিজৰ অধীনলৈ আনে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক: ৪ জুনৰ পিচত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সালসলনি ! ভৱেশ কলিতা মন্ত্ৰী হ’লে ৰাজ্যিক সভাপতি হ’ব কোন ? - Assam Govt Ministry Reshuffle

অৱশ্যে স্বাস্থ্য বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ কৰ্তন হ'লেও আন কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব নতুনকৈ লাভ কৰে মন্ত্ৰী কেশৱ মহন্তই । মহন্তই লাভ কৰে পৰিবহণ, মীন বিভাগৰ লগতে আবকাৰী বিভাগো ৷ যি দায়িত্ব পূৰ্বে আছিল পৰিমল শুক্লবৈদ্যৰ অধীনত ৷

শুক্লবৈদ্য সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিততে কেশৱ মহন্তই লাভ কৰে এইকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ৷ ইয়াৰোপৰি কেশৱ মহন্তক দিয়া হৈছে বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব ।

লগতে পঢ়ক: বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ - Assam Govt In Debt

উল্লেখ্য যে, সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী হিচাপে পৰিমল শুক্লবৈদ্যৰ হাতত আছিল কেইবাটাও বিভাগৰ দায়িত্ব ৷ ঢলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই এইবাৰৰ লোকসভা নিৰ্বাচনত শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় ৷ অলপতে তেওঁ আনুষ্ঠানিকভাৱে ত্যাগ কৰে বিধায়ক পদ ৷ পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত মন্ত্ৰী হিচাপে তেওঁৰ অধীনত থকা কেইবাটাই বিভাগ মুৰব্বীবিহীন হৈ পৰে ৷

উল্লেখ্য যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰে দীঘলীয়া সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কাৰণ শৰ্মাই দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ গুৰু দায়িত্ব পালন কৰি আহিছিল । ক’ভিড মহামাৰীৰ সময়তো স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই উল্লেখনীয় ভূমিকা পালন কৰিছিল । এইবাৰ পুনৰ স্বাস্থ্য বিভাগৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত নতুন দুটা বিভাগৰ উপৰিও গৃহ বিভাগ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ বিভাগ আৰু অন্য মন্ত্ৰীক বিতৰণ নকৰা বিভাগসমূহ আছে ।

লগতে পঢ়ক: মোদী মন্ত্রীসভা : অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটা - Modi Cabinet

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.