ETV Bharat / state

কাৰাগাৰত বন্দী প্ৰহেলিকাৰ তিলনি পাতিলে ৰাইজে - Chabua murder case

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 7:47 PM IST

Chabua murder case: ডিব্ৰুগড়ৰ চাবুৱাত এক হত্যাকাণ্ডক লৈ উত্তেজনা এতিয়াও অব্যাহত আছে । কাৰাগাৰত বন্দী হৈ থকা হত্যাকাৰী পত্নীৰ তিলনি পাতিলে গাঁৱৰ ৰাইজে । হত্যাকাৰীক ফাঁচিৰ দাবী উত্থাপন কৰিলে মহিলাসকলে ।

Chabua murder case
ৰাইজে কাৰাগাৰত বন্দী প্ৰহেলিকাৰ কিয় পাতিলে তিলনি (ETV Bharat)

মৰাণ,২৬ ছেপ্টেম্বৰ : হিন্দু ধৰ্মৰ নিয়ম অনুসৰি এগৰাকী লোকৰ মৃত্যুৰ তৃতীয় দিনা তিলনি পতা হয় । অসমীয়া সমাজতো তিনি দিনৰ দিনা মৃতকৰ উদ্দেশ্যে তিল-জল আদি দিয়া কাৰ্যক তিলনি বুলি কোৱা হয় ৷ কিন্তু জীৱিত লোকৰ তিলনি পতা আপুনি কেতিয়াবা শুনিছেনে ? ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ ৰাইজে এগৰাকী জীৱিত লোকক মৃত ঘোষণা কৰি তিলনি পাতিলে । মৃতকৰ প্ৰতিচ্ছবিত চাকি-বন্তি, ধূপ-ধূনা দিয়াৰ পৰিৱৰ্তে ওলমাই দিলে চেণ্ডেলৰ মালা । কিন্তু কিয় ?

ঘটনাটো কি ?

উল্লেখ্য যে শেহতীয়াকৈ গাঁওখনৰ জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল । ১০ ছেপ্টেম্বৰৰ নিশা চোকা অস্ত্ৰ আৰু ধুমুচেৰে খুন্দিয়াই হত্যা কৰা হৈছিল মাধুৰ্যক । শোৱাপাটীতে হত্যা কৰা হৈছিল অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ মাধুৰ্যক । পত্নীৰ হাততে মৃত্যুক আঁকোৱালি লৈছিল মাধুৰ্যই । স্বামীক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰি পত্নী প্ৰহেলিকাই আৰম্ভ কৰিছিল এখন নাটকৰ । অৱশ্যে পৰৱৰ্তী সময়ত সকলো ৰহস্য পোহৰলৈ আহে । ১৪ ছেপ্টেম্বৰত স্বামী মাধুৰ্যক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পত্নী প্ৰহেলিকা বৰুৱা, ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়া । পৰৱৰ্তী সময়ত আটাইকেইগৰাকীকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

হত্যাকাৰী পত্নীক মৃত ঘোষণা ৰাইজৰ

এই ঘটনাৰ পিছতে মাধুৰ্য বৰুৱাৰ গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । গাঁৱৰ লোকসকলে হত্যাকাৰী পত্নীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে । তিনিদিনৰ পূৰ্বে মাধুৰ্য বৰুৱাৰ বাসগৃহৰ চোতালতে পত্নী প্ৰহেলিকা বৰুৱাৰ কাপোৰৰ পৰা আন সকলো সামগ্ৰী জ্বলাই দি তেওঁক মৃত ঘোষণা কৰিছিল । তিনি দিনৰ পিছত বৃহস্পতিবাৰে জেৰাই গাঁৱৰ ৰাইজে প্ৰহেলিকাৰ প্ৰতিচ্ছবিত চেণ্ডেলৰ মালা পিন্ধাই ক্ষোভ প্ৰকাশ কৰে । লগতে ৰাইজে মৃত ঘোষণা কৰা হত্যাকাৰী প্ৰহেলিকাৰ তিলনি পাতে । গাঁৱৰ মহিলাসকল একত্ৰিত হৈ প্ৰহেলিকাৰ তিলনি পাতি মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে ।

ফাঁচিৰ দাবী

গাঁৱৰ একাংশ মহিলাই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"নাৰী হিচাপে আমি লজ্জিত হৈছো । শিৰত সেন্দুৰ লোৱাৰ পিছত নিজৰ স্বামীক আমি প্ৰতিগৰাকী নাৰীয়ে ভগৱান বুলি মানো । কিন্তু সেই গৰাকী স্বামীক যে এনেদৰে নিৰ্যাতন কৰি তেওঁ যে হত্যা কৰিলে । এই কথাটোত ডিব্ৰুগড়ৰ নাৰী হিচাপে আমি লজ্জিত হৈছো । ভুক্তভোগী পৰিয়ালৰ লগতে গাঁওবাসীৰ মতে তেওঁক ফাঁচি দিয়াটো আমি বিচাৰো ।"

লগতে পঢ়ক :মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড : অপৰাধৰ পুনৰ দৃশ্যায়নত পত্নীসহ দুই অভিযুক্ত - Chabua Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.