ETV Bharat / state

চিত্ৰৰঞ্জনৰ নৰকংকালৰ অৱশিষ্ট পৰিয়ালক গতালে CBI এ - Chittaranjan Dutta death case - CHITTARANJAN DUTTA DEATH CASE

A case of mysterious death: দুটা বছৰৰ অপেক্ষাৰ অন্তত পৰিয়ালৰ লোকে লাভ চিত্তৰঞ্জনৰ মৃতদেহৰ অৱশিষ্ট ৷ এতিয়াও যেন পুত্ৰৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিয়েই মত ব্যক্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷

CBI hands over remaining part of skeleton of Chitraranjan to family
চিত্ৰৰঞ্জনৰ নৰকংকালৰ অৱশিষ্ট পৰিয়ালক গতালে CBI এ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:27 PM IST

বিহপুৰীয়া, 12 জুন : প্ৰায় দুবছৰৰ মূৰত চিত্তৰঞ্জনৰ মৃতদেহ চমজি ল’লে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ বিহপুৰীয়াৰ ভোগদৈগুৰিত উদ্ধাৰ হোৱা নৰকংকালটো চিত্তৰঞ্জনৰ বুলি চিনাক্ত কৰি চি বি আয়ে বুধবাৰে অৱশিষ্টখিনি তেওঁৰ পিতৃ-মাতৃক গতাই দিয়ে ৷

চিত্ৰৰঞ্জনৰ নৰকংকালৰ অৱশিষ্ট পৰিয়ালক গতালে CBI এ (ETV BHARAT ASSAM)

2022 চনৰ 8 জুলাইত বিহপুৰীয়া আৰক্ষী থানাৰ অধীনৰ ভোগদৈগুৰিত এখন বিয়াৰ বৰযাত্ৰীৰ সৈতে গৈ নিখোজ হৈ আছিল চিত্তৰঞ্জন দত্ত নামৰ যুৱকজন ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চৈধ্য়পুনীয়া গাঁৱৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী দত্তৰ দ্বিতীয় সন্তান আছিল চিত্তৰঞ্জন ৷ তাৰ পিচতে ভোগদৈগুৰিৰ এটা পুখুৰীত 2023 বৰ্ষৰ 19 জানুৱাৰীত উদ্ধাৰ হৈছিল এটা নৰকংকাল ৷

পৰৱৰ্তী সময়ত নৰকংকালটো প্ৰকৃততে চিত্তৰঞ্জনৰ হয় নে নহয় এই সম্পৰ্কত আৰক্ষী বিমোৰত পৰিছিল ৷ অসম আৰক্ষীৰ সহযোগত চি বি আই ৰ এটা দলে এই কংকালটোৰ লগতে লাওখোলাটো পৰীক্ষাৰ বাবে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল ৷ অৱশেষত নৰকংকালৰ লাওখোলা আৰু অৱশিষ্টখিনি পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিত্তৰঞ্জনৰে হয় বুলি চি বি আই দলটো নিশ্চিত হৈছিল ৷ আজি বিহপুৰীয়া আৰক্ষী থানাত চি বি আইৰ দলটোৱে চিত্তৰঞ্জনৰ অৱশিষ্টখিনি পৰিয়ালক চমজাই দিয়ে ৷

ইয়াৰ পিচতে থানাত ভিতৰত কান্দোনাত ভাগি পৰে চিত্তৰঞ্জনৰ পিতৃ-মাতৃ ৷ বিহপুৰীয়া আৰক্ষী থানাত সেই সময়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্বত থকা উৎপল বৰাকে চিত্তৰঞ্জনৰ পিতৃ-মাতৃয়ে পলম হোৱাৰ বাবে স্পষ্টভাৱে জগৰীয়া কৰিছে ৷

পিতৃ-মাতৃৰ অভিযোগ অনুসৰি, তেতিয়াৰ বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ অশেষ কৃপাতে ঘটনাৰ লগত জড়িত 8 টাকৈ অপৰাধীয়ে শাস্তি পোৱাৰ পৰা বিৰত আছে ৷ চিত্তৰঞ্জনৰ পিতৃ-মাতৃয়ে আজিও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিয়ে স্পষ্ট মত ব্যক্ত কৰি এই ঘটনা সংঘটিত কৰা দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Narayanpur Student Missing: সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.