ETV Bharat / state

বাগানৰ মাজত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ জ্বলি যোৱা মৃতদেহ; তদন্ত আৰম্ভ - Deadbody recovered in Tea estate

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 2:23 PM IST

Deadbody recovered: পহিলা বহা’গৰ নিশাই তিনিচুকীয়াত বীভৎস কাণ্ড ৷ বাগানৰ মাজত উদ্ধাৰ এগৰাকী ব্যক্তিৰ জ্বলি যোৱা মৃতদেহ ৷ তিনিচুকীয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Burnt body of a unidentified man found in tinsukia tea estate
বাগানৰ মাজত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ জলন্ত মৃতদেহ; তদন্ত আৰম্ভ

তিনিচুকীয়া, 15 এপ্ৰিল: তিনিচুকীয়াত নৃশংস ঘটনা ৷ পহিলা ব’হাগৰ দিনটোতেই সংঘটিত হৈছে এই নৃশংস ঘটনাটো ৷ তিনিচুকীয়াৰ কচুজানত সংঘটিত হোৱা উক্ত ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত এজন লোকৰ মৃতদেহটো জ্বলি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ সোমবাৰৰ পুৱাই স্থানীয় ৰাইজে মৃতদেহটো দেখা পাই আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো ৷

মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও লোকজনৰ পৰিচয় বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই আৰক্ষী তথা স্থানীয় ৰাইজে ৷ সমান্তৰালভাৱে কোনে চাহ বাগিচাৰ ভিতৰত নিশাৰ ভাগত এই বীভৎস কাণ্ড সংঘটিত কৰিলে সেই সন্দৰ্ভতো কোনো তথ্য পোহৰলৈ অহা নাই ৷ সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ তিনিচুকীয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ইফালে, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইয়ে এই সন্দৰ্ভত ইটিভি ভাৰতক ফোনযোগে কয়, "এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো ৷ মৃতদেহটো ইমানেই বেয়াকৈ জ্বলিল যে মুখমণ্ডল চাই চিনাক্ত কৰিব পৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে ৷ লগতে কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি জ্বলাই দিছে নে আন কিবা সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ৷"

আনহাতে, স্থানীয় লোকে লোকজন বাগানৰ লোক নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ বাগানৰ কোনো লোক এই পৰ্যন্ত সন্ধানহীন হৈ থকা নাই বুলিও কয় লোকসকলে ৷

লগতে পঢ়ক : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীৰ হাতত নিহত স্বামী - Murder in Mirza

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.