তেজপুৰ,৩১ জানুৱাৰী: অসমৰ জাতীয় জীৱনক প্ৰতিটো দিশতেই সমৃদ্ধ কৰা সৈনিক শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৬ সংখ্যক ওপজা দিনটোত বুধবাৰে পুৱাৰে পৰা গীত-নৃত্যৰে জীপাল হৈ পৰিল সমাধি সমন্বয় ক্ষেত্ৰ । সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি পুৱা কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে অনুষ্ঠানৰ ।
ইয়াৰ পিছতে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, প্ৰাক্তন ছাত্ৰ নেতা তথা অগপৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথকে ধৰি তেজপুৰৰ বিভিন্ন ব্যক্তি, শিল্পীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সভাপতি পংকজ বৰুৱাই পৰিচালনা কৰা অনুষ্ঠানটিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিক্ষাৰ্থীসকলে অধ্যক্ষা দীপা দাসৰ পৰিচালনাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত এনেদৰে দৃষ্টিনন্দন ৰূপত সমবেত নৃত্য পৰিৱেশন কৰে ।
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী মনোজ বৰাই শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হাতত কলাগুৰুৰ অন্তিম শয়নৰ এখন কালজয়ী ফটো জ্যোতি ভাৰতীত সংৰক্ষণৰ বাবে অৰ্পণ কৰাৰ লগতে কলাগুৰুৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন বিশেষ গ্ৰন্থও অৰ্পণ কৰে । জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজিৰ দিনটোত ক্ষণজন্মা শিল্পী গৰাকীৰ স্মৃতিচাৰণ কৰি সমন্বয় ক্ষেত্ৰক আৰু অধিক আকৰ্ষণীয়কৈ নিৰ্মাণ কৰাৰ কথা সদৰী কৰে ।
উল্লেখ্য যে, অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, উদীয়মান গায়িকা অন্বেষা কাঞ্চন বৰা, শিশু পদ্মজা কাশ্যপ, জনপ্ৰিয় কন্ঠশিল্পী মুৰুলী নাথ, উদীয়মান গায়ক প্ৰান্তিক কৃষ্ণন দাস, গায়িকা হীৰামণি লহকৰ, শিশু জ্ঞানম মহন্তই কলাগুৰুৰ গীত পৰিবেশন কৰে । অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰনেতা তথা অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য্যৰ লগতে অভিনয় শিল্পী বিপ্লৱ শৰ্মা আৰু শিশু মুক্তাৱলী মহন্তই বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰি সমন্বয় ক্ষেত্ৰ জীপাল কৰি তোলে ।