ETV Bharat / state

বুঢ়ীদিহিং নদীত নিৰ্মাণৰত অৱস্থাতে ভাঙি পৰিল দলঙৰ খুটা - Bridge Construction

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:31 PM IST

Bridge pole collapsed : ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্নমানৰ কামক লৈ ক্ষোভিত ৰাইজৰ লগতে দল-সংগঠন ৷ জয়পুৰত নিৰ্মাণৰত অৱস্থাতে ভাঙি পৰিল দুটাকৈ দলঙৰ খুটা ৷

BRIDGE POLE COLLAPSED
দলং নিৰ্মাণত বিসংগতিৰ অভিযোগ (ETV BHARAT ASSAM)

নিম্নমানৰ কামক লৈ ক্ষোভিত ৰাইজ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 20 মে’ : বুঢ়ীদিহিং নদীত নিৰ্মাণৰত অৱস্থাতে ভাঙি পৰিল দলঙৰ খুটা ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত নতুনকৈ নিৰ্মাণ হৈ থকা দলঙৰ কামত ব্যাপক বিসংগতিৰ অভিযোগ ৷ নাহৰকটীয়াৰ জয়পুৰৰ নগাঘাটৰ পৰা টিপামলৈ বুঢ়ীদিহিং নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলঙখনৰ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷ ৰাইজৰ বহু প্ৰতিবাদৰ অন্তত নিৰ্মাণ হোৱা দলঙখনৰ কাম ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ এটা কোম্পানীয়ে লাভ কৰিছে ৷ কিন্তু নিৰ্মীয়মান অৱস্থাতে দলঙখনৰ দুটাকৈ খুটা হাউলি পৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ৷

ঠিকাদাৰী প্ৰতিষ্ঠানৰ এইধৰণৰ নিম্নমানৰ কামক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজৰ লগতে দল-সংগঠন ৷ এই খবৰ ৰাজহুৱা হোৱাৰ পাচতেই দলঙখনৰ নিৰ্মাণত হোৱা গাফিলতি আৰু কামৰ নমুনা পৰ্যবেক্ষণ কৰিবলৈ নাহৰকটীয়া ছাত্ৰ সন্থাই ৰাইজৰ অভিযোগ অনুসৰি দেওবাৰে দলং নিৰ্মাণস্থলীত উপস্থিত হয় ৷ কিন্তু আছুৰ দলটো পৰ্যবেক্ষণ কৰিবলৈ গৈ দলং নিৰ্মাণ কাৰ্যত জড়িত বিষয়াক প্ৰশ্ন কৰাত তেওঁ সমগ্ৰ ঘটনাটোক লৈ দায়সৰা মন্তব্য দিয়া বুলি জানিবলৈ দিছে ৷ নিজৰ কামৰ গাফিলতি স্বীকাৰ কৰাৰ পৰিবৰ্তে পৰ্যবেক্ষণ কৰিবলৈ যোৱা ছাত্ৰ সন্থাৰ সজাতি দলক আওকাণ আৰু উপলুঙা মন্তব্য দিয়া ঘটনাত এতিয়া ক্ষোভিত হৈ পৰিছে আছু ৷

দলং নিৰ্মাণৰ কাম অতি নিম্ন মানৰ হোৱাৰ বাবেই এই বিসংগতি হোৱাৰ অভিযোগ আছুকে ধৰি স্থানীয় ৰাইজৰ ৷ এই সন্দৰ্ভত নাহৰকটীয়া ছাত্ৰ সন্থাই আজি সেই স্থানত উপস্থিত হৈ সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰলৈ নিম্নমানৰ কাম কৰাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে শীঘ্ৰে দলঙৰ কাম উন্নত মানদণ্ডৰ ব্যৱস্থাৰে কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : ৰাজপথত মাৰিছে মাছ; অভিনৱ প্ৰতিবাদেৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - Artificial Flood In Kalgachia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.