ETV Bharat / state

প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে কলিয়াবৰত প্ৰেমিকাক ছুৰীকাঘাত !

Stabbing in Kaliabor : কোন সঁচা, কোন মিছা ? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকে-প্ৰেমিকাৰ লগতে তেওঁৰ পিতৃ-মাতৃক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Stabbing in Kaliabor
প্ৰেম নে আন কিবা
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 4:15 PM IST

Updated : Feb 17, 2024, 5:12 PM IST

প্ৰেম নে আন কিবা

কলিয়াবৰ, 17 ফেব্ৰুৱাৰী : প্ৰেম নে আন কিবা ! অভিযোগ অনুসৰি, প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ পিতৃ-মাতৃকো ছুৰীৰে আঘাত কৰিলে প্ৰেমিকে ৷ তাৰ পাচতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে প্ৰেমিকে ৷ আমি উল্লেখ কৰা এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ কুলিডোঙাত ৷ বৰ্তমান আমবাগান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত প্ৰেমিক ৰাজীৱ দাস ৷

ইফালে অভিযুক্ত ৰাজীৱ দাসৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত প্ৰদান কৰিছে বিপৰীত ভাষ্য ৷ যুৱতীগৰাকীৰ ঘৰলৈ মাতি নি মাৰপিট কৰি পথত পেলাই থোৱা বুলি ইতিমধ্যে আমবাগান আৰক্ষী চকীত ৰাজীৱ দাসৰ পৰিয়ালে দাখিল কৰিছে এক এজাহাৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । বৰ্তমান জখলাবন্ধাস্থিত কলিয়াবৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী আৰু তেওঁৰ পিতৃ-মাতৃ ৷

ভুক্তভোগী যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বহুবাৰ ৰাজীৱ দাসে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল ৷ আনকি ৰাজীৱ দাসৰ প্ৰেমৰ প্ৰস্তাৱ মানি নল’লে তেওঁক প্ৰহাৰ কৰাৰো ভাবুকি দি আহিছিল ৷ আনদিনাৰ দৰে, শুকুৰবাৰে নিশাও ফোনযোগে ৰাজীৱ দাসে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ পুনৰ প্ৰত্যাখ্যান কৰাৰ বাবে খঙৰ ভমকত ৰাজীৱ দাসে নিশাই তেওঁলোকৰ ঘৰত উপস্থিত হৈ ছুৰীৰে সকলোকে আঘাত কৰে ৷

ৰাজীৱ দাসৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকীৰ সহিতে তেওঁৰ পিতৃ-মাতৃ ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে ৰাজীৱ দাস ৷ এই ঘটনাৰ পাচতে স্থানীয় লোকৰ তৎপৰতাত আৰহত তিনিওকে জখলাবন্ধাস্থিত মহকুমা চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত পৰৱৰ্তী পৰ্যায়ত তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে ।

ইফালে অভিযুক্ত ৰাজীৱ দাসৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে তেওঁলোকৰ ঘৰলৈ মাতি নিছিল ৰাজীৱক ৷ তাৰ পাচত তেওঁলোকে ৰাজীৱক মাৰপিট কৰে ৷ নিজক বচাবলৈ ৰাজীৱে যুৱতীগৰাকীৰ পৰিয়াল লোকক প্ৰহাৰ কৰিছিল ৷ আনকি ৰাজীৱক তেওঁলোকে মাৰপিট কৰি ৰাস্তাত পেলাই থৈ দিয়ে ৷ পৰৱৰ্তী সময়ত ৰাজীৱক তেওঁৰ পৰিয়ালৰ লোকে উদ্ধাৰ কৰি আৰক্ষীৰ ওচৰত হাজিৰ কৰায় ৷ তাৰ পাচত তেওঁলোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷

লগতে পঢ়ক : কোঠাৰ ভিতৰতে যুৱকক ছুৰীকাঘাত; প্ৰেমিকালৈ সন্দেহৰ আঙুলি

Last Updated : Feb 17, 2024, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.