ETV Bharat / state

কংক্ৰিটৰ মহানগৰীত সোণোৱালী শইছ - Boro paddy cultivation - BORO PADDY CULTIVATION

Agricultural Revolution:বৰোধানৰ খেতিৰে দেউছতালত কৃষি বিপ্লৱ । এইবাৰ মহানগৰীৰ বুকুতেই সোণগুটিৰ সুবাস । কোনে ক'ত কৰিছে ধানখেতি ?

Agricultural Revolution
দেউছতালত কৃষি বিপ্লৱ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:06 PM IST

গুৱাহাটী, ২০ মে': শালিধানৰ খেতিৰ পাছত গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত মাটিত বৰোধানৰ খেতিৰে কৃষি বিপ্লৱৰ বাবে আগবাঢ়ি আহিছে কৃষক তথা সমাজকর্মী বলেশ্বৰে ৰংপী । দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক -ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা-কামাখ্যা সংযোগী ৰে'লপথৰ মাজত থকা পাঁচ বিঘা ম্যাদী পট্টাৰ মাটিত যোৱা পহিলা ফেব্ৰুৱাৰীত ভূঁই ৰুই দ্বিতীয়বাৰৰ বাবে বৰোধানৰ খেতি আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে । এই ধানসমূহ পকিবলৈ আৰম্ভ কৰাত দেওবাৰৰ পৰা আৰম্ভ কৰিছে ধান কটা পৰ্ব । ঘৰৰ ওচৰৰ আৰু পৰিয়ালৰ মুঠ আঠজনে মিলি লক্ষ্মী দেৱীক আৰাধনা কৰি যাৱতীয় ৰীতি-নীতি আৰু মাংগলিক কাৰ্যৰ মাজেৰে আৰম্ভ কৰে ধান কটা পৰ্ব ।

এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা চকৰদৌ তালুকৰ সভাপতি কেষ্টৰাম ৰংপী, দেউছতাল নৱজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপা, সমাজসেৱিকা পখিলা ৰংপীকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে । চমু ভাষণত আটাইকেইগৰাকীয়ে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বলেশ্বৰ ৰংপীয়ে শালি ধান আৰু বৰো ধানৰ খেতি কৰাত শলাগ লয় ।

আনহাতে, এই সন্দৰ্ভত বলেশ্বৰ ৰংপীয়ে কয় যে প্ৰথমতে পকা ধান কটা হোৱাৰ পাছত ঘৰলৈ নিয়া হ'ব । অহা এসপ্তাহৰ ভিতৰত এই ধান কটা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তাৰ পাছত ঘৰৰ চোতালত ধান শুকোৱাৰ পাছত বতৰৰ গতি বিধি চাই গৰু বা পাৱাৰ টিলাৰৰে মৰণা মৰা হ'ব । তাৰ পাছত জেঠ মাহৰ ভিতৰতে নতুন চাউলৰে ন-খোৱা পৰ্ব সম্পন্ন কৰিব ।

বৰোধানৰ খেতি কৰিছে যদিও ইয়াৰ বাবে তেওঁৰ আন দৈনন্দিন কামকাজসমূহত বাধাগ্ৰস্ত হোৱা নাই । বিগত বৰ্ষৰ দৰে এইবাৰো আজৰি সময়খিনীৰ সদ্ব্যৱহাৰ কৰিয়ে নিজকে বৰোধানৰ খেতিত জড়িত ৰাখিবলৈ সক্ষম হৈছে । তেওঁলোকৰ পৰিয়ালটোৱে ৰাণীগেটৰ পৰা কিছু নিলগৰ আন্ধেৰিজুলি পথাৰত প্ৰায় দহ বিঘা মাটিত পৰম্পৰাগতভাবে শালিধানৰ খেতি কৰি আহিছে । আনকি আজিলৈকে তেওঁলোকে চাউল কিনি পোৱা নাই । নিজৰ ঘৰৰ শালিধান ঢেঁকী বা যন্ত্ৰচালিত মেচিনত বানি তাৰ সহায়ত উলিওৱা চাউলহে খায় । এইবেলি প্ৰথমবাৰৰ বাবে নিজৰ উৎপাদিত বৰো ধানৰ চাউলৰ সোৱাদ ল'ব পাৰিব বুলি আশা কৰিছে ।

লগতে পঢ়ক:সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই হাঁহি বিৰিঙাইছে খেতিয়কৰ ওঁঠত - Solar Irrigation Cultivation

চাকৰি এৰি খেতিপথাৰত খোজ দিছে চিলাপথাৰৰ নিৰুপমা পেগুৱে - Millet Cultivation

সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired Teacher

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.