ETV Bharat / state

শ্বিলং অভিমুখী স্পাইচজেটৰ বিমানত বোমাৰ আতংক, বৰঝাৰ বিমান বন্দৰত জৰুৰী অৱতৰণ - BOMB THREAT CALLS

এইবাৰ শ্বিলং অভিমুখী বিমানক বোমাৰ ভাবুকি ৷ যাত্ৰীবাহী বিমানক বোমাৰে উৰুওৱাৰ ভাবুকিৰে ভুৱা কল ৷ 9 দিনত দুই শতাধিক বিমানলৈ ভাবুকি...

BOMB THREAT TO FLIGHT
Representational Image (ANI)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 7:41 PM IST

গুৱাহাটী: শুকুৰবাৰে পুনৰ যাত্ৰীবাহী বিমানত বোমাৰ আতংক ৷ এইবাৰ দিল্লীৰ পৰা শ্বিলং অভিমুখী বিমানত বোমাৰ ভাবুকি ৷ বৰঝাৰৰ গোপীনাথ বৰদলৈ বিমান বন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ ৷ অৱতৰণৰ পিছতেই নিৰাপত্তা বাহিনীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে বিমানখন ৷ কিন্তু কোনো বোমা পোৱা নগ’ল বুলি জানিব পৰা গৈছে ৷

স্পাইচজেটৰ SG 2448 বিমানখনে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে সুৰক্ষিতভাৱে যাত্ৰীসকলক নমাই অনা হয় ৷ বিমানখনত বোমা থকা বুলি লাভ কৰা তথ্য়ৰ পিছতে বৰঝাৰ বিমান বন্দৰত জৰুৰী সংকেত ধ্বনি বাজি উঠে ৷ লগে লগে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷ এই সন্দৰ্ভত সবিশেষ তথ্য জনাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি পোৱা নগ'ল ।

জানিব পৰা মতে বিভিন্ন বিমান পৰিবহণ সংস্থাৰ 27 খন বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল ৷ যাৰ বাবে এই বিমান কেইখনৰ চলাচলত ব্যাঘাত জন্মে ৷ এয়াৰ ইণ্ডিয়াৰ 6 খন আৰু স্পাইচজেট, ইণ্ডিগ’ আৰু ভিষ্টাৰাৰ 7 খনকৈ বিমানলৈ আহিছিল ভাবুকি ভৰা ফোনকল ৷ এদিন পূৰ্বে ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া, ভিষ্টাৰা, স্পাইচজেট, এলায়েন্স এয়াৰ আৰু আকাছা এয়াৰৰ মুঠ 95 খন বিমানে লাভ কৰিছিল অনুৰূপ ভাবুকি ৷

উল্লেখ্য যে শেহতীয়াকৈ যোৱা 9 দিনত ভাৰতীয় বিমান সংস্থাসমূহৰ দ্বাৰা পৰিচালিত 200 খনতকৈও অধিক বিমানলৈ বোমাৰ ভাবুকি আহিছে ৷ যাৰ বাবে এই বিমানসমূহৰ যাত্ৰা বাতিল বা নিৰাপত্তাজনিত কাৰণত আন বিমান বন্দৰত জৰুৰী অৱতৰণ কৰাবলগীয়া হৈছে ৷ এই ভাবুকিসমূহৰ সৰহকেইটাই সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা হৈছিল ৷

এক সূত্ৰই জনোৱা মতে, চৰকাৰে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া কোম্পানী মেটা আৰু এক্সক কেইবাটাও বিমান সংস্থাক লক্ষ্য কৰি তেওঁলোকৰ প্লেটফৰ্মৰ দ্বাৰা প্ৰেৰণ কৰা এনে ভাবুকিৰ সৈতে জড়িত তথ্য শ্বেয়াৰ কৰিবলৈ কয় আৰু সহযোগিতা কৰিবলৈ আহ্বান জনায় ।

চৰকাৰে শীৰ্ষ বহুজাতিক প্ৰযুক্তি সংস্থাসমূহকো এনে প্ৰৱঞ্চনাৰ আঁৰৰ লোকসকলক চিনাক্ত কৰাত সহায় কৰিবলৈ আৰু ইয়াৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: 30 খন ভাৰতীয় বিমানক বোমাৰ ভাবুকিৰ লক্ষ্য; সুৰক্ষা ব্যৱস্থা অধিক বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.