ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ - DEADBODY FOUND - DEADBODY FOUND

Deadbody recovered in Barpeta: চিকিৎসালয়ৰ চকীতে মৃত্যু বৃদ্ধ মহিলাৰ । মৃতদেহ উদ্ধাৰৰ পাচতে হুৱা-দুৱা লাগিল চিকিৎসালয়খনত । কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয় সংঘটিত হৈছে এই ঘটনা ।

Body of unidentified woman found at Barpeta Civil Hospital
অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:07 AM IST

কলগাছিয়া, ১১ আগষ্ট: বৰপেটা অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা । এগৰাকী বৃদ্ধা মহিলাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰ লাগে চিকিৎসালয়খনত । জিলাখনৰ কলগাছিয়া থানাৰ নিচেই কাষতে থকা বৰপেটা অসামৰিক চিকিৎসালয়খনত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসালয়খনত উপস্থিত থকা ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হয় ।

অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

জানিব পৰা অনুসৰি, শনিবাৰে বিয়লিৰ ভাগত একাংশ লোকে মহিলাগৰাকীক অনাই-বনাই ঘূৰি থকা দেখা পাই যদিও সন্ধিয়া প্ৰায় ৮ বজাত চিকিৎসালয়ৰ ভিতৰত জিৰণি লোৱা আসনত শুই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে । ইফালে নিশাৰ ভাগত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে চিকিৎসালয় চৌহদ চোৱা-চিতা কৰাৰ সময়ত মহিলাগৰাকীক শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰি সোধ-পোচ কৰে যদিও কোনো উত্তৰ লাভ নকৰে ।

লগে লগে কৰ্তব্যৰত চিকিৎসকক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শী কৰ্মচাৰীকেইজনে । চিকিৎসক উপস্থিত হৈ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিবলৈ লৈ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । তাৰপিছতে খবৰ পোৱা মাত্ৰকে চিকিৎসালয়খনত উপস্থিত হয় কলগাছিয়া আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত । মৃত মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰে একাংশই ।

কিন্তু বাতৰি সংগ্ৰহৰ সময়লৈকে উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকী পৰিচয় । বৰ্তমানলৈ কি কাৰণত মহিলাগৰাকীৰ মৃত্যু হ'ল সেয়াও প্ৰকাশ কৰা নাই চিকিৎসকে । ইফালে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰে বৰপেটা অসামৰিক চিকিৎসালয়ত ।

লগতে পঢ়ক: আই নৈত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

মঙলবাৰে পুৱাই নাৰেংগীত হৈ চৈ : যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Mysterious Death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.