লখিমপুৰ ১৯ আগষ্ট: লখিমপুৰত সোমবাৰে বিয়লি এক ভয়ংকৰ নাও ঘটনা সংঘটিত হয় । ত্ৰিশজন ছাত্র-ছাত্রী কঢ়িয়াই নিয়া এখন নাও সোৱণশিৰিৰ বুকুত ডুব যায় । ঘূণাসূতিৰ এখন বিদ্যালয়ৰ পৰা উভটি অহা ছাত্র-ছাত্রীসকলে মৰা সোৱণশিৰি মাহাৰ অফলা ঘাটত এখন টুলুঙা নাৱেৰে পাৰ হৈছিল । ছাত্ৰ-ছাত্ৰীসকলক লৈ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাছত নৈৰ সোঁমাজত নাৱত পানী সোমোৱাত ডুব যায় ছাত্ৰ-ছাত্ৰীসহ নাওখন ।
নৈৰ মাজত নাওখন ডুব যোৱাত পানীত পৰা ছাত্র-ছাত্রীসকলে প্ৰাণৰক্ষাৰ তাড়নাত মৰণকাতৰ চিঞৰ বাখৰ কৰে ৷ দুৰ্ঘটনাস্থলীৰ কাষতে দলং নিৰ্মাণ কৰি থকা একাংশ স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক বচাবলৈ নৈত জাপ দিয়ে ৷ তেওঁলোকে সাঁতুৰি গৈ আটাইকেইজন ছাত্র-ছাত্রীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
![Boat Accident in Lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-08-2024/as-lakhimpur-19august-01-vislbytpix-boataccident-jibangoswami-10046_19082024163555_1908f_1724065555_234.jpg)
নাও দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ কিছু নিলগতে স্থানীয় লোকসকলে দলং সাজি থকাৰ বাবে তেওঁলোকে ততাতৈয়াকৈ নৈত জাপ দি সাতুৰি গৈ ছাত্র-ছাত্রীসকলক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সেই স্থানত স্থানীয় লোকসকল নথকা হ’লে এটা ভয়ংকৰ শোকাবহ ঘটনাই হয়তো কেৱল লখিমপুৰকে নহয় বৰং সমগ্র ৰাজ্যকে জোকাৰি গ’লহেঁতেন ।
উল্লেখ্য যে, যোৱা ১২ আগষ্টত ঘূণাসূতিৰ ফুলবাৰীত কাঠৰ দলং এখন ভাঙি পৰাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছিল । জৰাজীৰ্ণ দলংখনৰ এটা মূৰ খহি পৰাৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছিল । স্থানীয় ৰাইজে সেই খহি পৰা অংশটোৰ ওপৰত বাঁহৰ দলং সংযোগ কৰি কোনোমতে যাতায়াত কৰি আছিল । তাৰ পাছতে ১২ আগষ্টত দলংখনৰ মাজৰ একাংশ খহি পৰে । সৌভাগ্যক্ৰমে দলংখন ভাগি পৰাৰ সময়ত কোনো লোকে যাতায়ত কৰা নাছিল ।
![Boat Accident in Lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-08-2024/as-lakhimpur-19august-01-vislbytpix-boataccident-jibangoswami-10046_19082024163555_1908f_1724065555_536.jpg)
মৰা সোৱণশিৰিৰ ওপৰত থকা এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ পৰা মাজুলী আৰু লখিমপুৰ সদৰক সংযোগ কৰিছিল । দলংখন এনেদৰে ভাঙি পৰি যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হোৱাত বহু অসুবিধাৰ সম্মুখীন হৈছিল অঞ্চলবাসী ৰাইজ । চলিচুক, কপাক চাপৰি, মাহৰা চাপৰিকে ধৰি পাঁচ-ছয়খন গাঁৱৰ লগত লখিমপুৰ আৰু মাজুলীৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ।
ইফালে এইখন দলঙৰ ওপৰেদি বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহা যোৱা কৰে । দলং নোহোৱাৰ বাবে তেওঁলোকে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হয় ৷ এনেদৰে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাত্ৰা কৰা সময়তে আজি এই অঘটনটো সংঘটিত হয় । দলংখন ভাগি পৰাৰ ফলত মিচিং সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ কৰ্মীয়ে বাঁহেৰে এখন দলং নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু আজি এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ পাছতেই এই নাও দুৰ্ঘটনাটো সংঘটিত হয় ।
লগতে পঢ়ক: বিকশিত অসম ! ভৰা নৈৰ মাজত আৱদ্ধ 4 গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থী - Small boat stuck in Majuli