ETV Bharat / state

উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে - CM on By election - CM ON BY ELECTION

CM on By-Election: বিজেপিৰ মুখ্য কাৰ্যালয়ত ১২৬ জন প্ৰভাৰীৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা- অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতা ভংগ নকৰে বিজেপিয়ে ।

BJP will not break alliance with AGP and UPPL, announces CM
উপ-নিৰ্বাচন, পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 11:02 PM IST

গুৱাহাটী,১৮ জুলাই: ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত অ গ প আৰু ইউ পি পি এলৰ লগত বি জে পিয়ে মিত্ৰতা‌ ভংগ নকৰে বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত বি জে পিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি শৰ্মাই এই কথা‌ সদৰী কৰে । তেওঁ কয় যে উপ-নিৰ্বাচনত অ গ প আৰু ইউ পি পি এলৰ লগত বি জে পিয়ে মিত্ৰতা‌ ভংগ নকৰে ।‌

উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে (ETV Bharat Assam)

উপ-নিৰ্বাচন বি জে পিয়ে অ গ প আৰু ইউ পি এলৰ লগত মিত্ৰতা‌ৰে প্ৰতিদ্বন্দ্বিতা কৰিব । এই কথা ঘোষণা কৰি তেওঁ কয় যে বঙাইগাঁৱত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে চিদলীতো ইউ পি পি এলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিব । বাকী তিনিটা সমষ্টি ধলাই, চামগুৰি, বিহালীত বি জে পিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।

উল্লেখ্য উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, চিদলী, বঙাইগাঁও বিধানসভা‌ সমষ্টিৰ চাৰিটা সমষ্টি বি জে পিৰ দখলত আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । শৰ্মাই কয় যে উপ-নিৰ্বাচনত আসন বুজাবুজি হৈছে । কাৰণ বঙাইগাঁও পূৰ্বেও অগপৰ দখলতে আছিল । তেনেদৰে চিদলী বিধানসভা‌ সমষ্টিটো ইউ পি পি এলৰ দখলত আছিল । গতিকে বঙাইগাঁৱত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে চিদলীতো ইউ পি পি এলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিব ।

ইয়াৰ মাজতে তেওঁ কয়, "কিন্তু '২৬ৰ বিধানসভা নিৰ্বাচনলৈ দুয়োটা দলক এই আসন আমি দিয়া নাই । চামগুৰি বিধানসভা সমষ্টি আমাৰ বাবে কঠিন সমষ্টি । যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টিটোত আমি হাৰিছো ।‌ গতিকে চামগুৰি বিধানসভা সমষ্টি আমাৰ‌ বাবে সহজ নহ'ব । পাঁচটাৰ চাৰিটাত আমাৰ জয় নিশ্চিত । বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবেও আমি সাজু হৈছো ।"

বৃহস্পতিবাৰে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত ১২৬ জন প্ৰভাৰীয়ে অংশগ্ৰহণ কৰে । প্ৰভাৰীৰ সৈতে বৈঠকত অংশগ্ৰহণৰ অন্তত আলোচনা হয় যে যোৱা বিধানসভা নিৰ্বাচনত ৯২ টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয় লাভ কৰিছিল আৰু ৩৪টা সমষ্টিত জয়ী হ’ব নোৱৰাসকলৰ বিষয়েও পৰ্যালোচনা কৰি ইয়াৰ ভিত্তিত ৰণকৌশল তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে ! - Assam Muslim population row

বিজেপি চৰকাৰৰ দিনত ১৬৭৬ জন চিকিৎসকৰ নিযুক্তি লাভ; চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংখ্যাৰ হিচাপ - CM Himanta FB Live

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.