ETV Bharat / state

ড্ৰাগছ ব্যৱসায়ত জড়িত বিজেপি সদস্য়ক আটক - Anti Drugs Operation

Anti Drugs mission:বিজেপি সদস্য়ও ড্ৰাগছ ব্যৱসায়ত জড়িত । বৰডুমচা কুজুপথাৰৰ বিজেপি সদস্য়ক আ়়টক কৰাৰ পিচতেই পোহৰলৈ আহিল এই ঘটনা ।

Anti Drugs mission
বৰডুমচা কুজুপথাৰত ড্ৰাগছ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:04 PM IST

বৰডুমচা কুজুপথাৰত ড্ৰাগছ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ৭ মে’: তিনিচুকীয়া জিলাৰ বৰডুমচা কুজুপথাৰৰ বিজেপি সদস্য় ৰন্তু সোণোৱালৰ বাসগৃহত বৰডুমচা আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই গোলাঘাট আৰক্ষীৰ এটা দ’লে । বিজেপি সদস্য় তথা ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযুক্ত বৰডুমচাৰ ৰন্তু সোণোৱালক তেওঁৰ বাসগৃহত গোলাঘাট আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰে । আৰক্ষীয়ে লগতে জব্দ কৰে প্ৰায় ১৭ লক্ষাধিক নগদ ধন আৰু সাতখনকৈ বাহন ।

আৰক্ষীয়ে জব্দ কৰা বাহনকেইখনৰ ক্ৰমে এম এল ০৫ ই ৪৯০২ নম্বৰৰ এখন জিপছি, এ এছ ২৩ টি ৯২০০ নম্বৰৰ এখন মহিন্দ্ৰা স্ক'ৰপিঅ', এ এছ ২৩ এ জে ৫৯২৯ নম্বৰৰ আন এখন মহিন্দ্ৰা স্ক'ৰপিঅ ৰ লগতে আছে মাৰুতী ৮০০, ট্ৰেক্টৰ আৰু বিভিন্ন বাহন ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি গোলাঘাট আৰক্ষীয়ে গোলাঘাটত আটক কৰা ড্ৰাগছ মাফিয়াৰ পৰা বৰডুমছাৰ ৰন্তু সোনোৱালৰ তথ্য লাভ কৰিছিল ।

ৰন্তু সোণোৱালক আটক কৰি গোলাঘাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈ যোৱাৰ লগতে জব্দ কৰা বাহনসমূহ বৰডুমছা আৰক্ষী থানাত গতাই দিয়ে ৷ ইফালে, ৰন্তু সোণোৱালে কলা ধন বগা কৰিবলৈ বিজেপিত যোগদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণে । লগতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই কি চাৰ্টিফিকেট লৈ ৰন্তু সোণোৱালক বিজেপিত যোগদান কৰালে বুলি প্ৰশ্ন উত্থাপন কৰে । বৰডুমছা আৰক্ষী থকাৰ অৱস্থাত কি কাৰণে গোলাঘাটৰ পৰা আৰক্ষী আহি আটক কৰিব লগা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে উমানন্দ মুদৈ মৰাণে । উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল ৰন্তু সোণোৱাল ।

লগতে পঢ়ক:লখিমপুৰত হেৰ’ইন এজনক আটক - Anti Drugs Operation

ড্ৰাগছসহ সৰবৰাহকাৰীক আটক - Anti Drugs Operation

পশ্চিম যোৰহাটত ড্ৰাগছসহ সৰৱৰাহকাৰীক আটক - Drugs Seized In Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.