ETV Bharat / state

বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত - State Award to Teacher 2024

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 7:44 PM IST

State award to teacher from Biswanath : ২০২৪ চনৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰাজ্যৰ ১৩ গৰাকী শিক্ষকক ৷ তাৰে ভিতৰত স্থান লাভ কৰিছে বিশ্বনাথৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ৷ বিজ্ঞানক জনপ্ৰিয় কৰাৰ স্বাৰ্থত শিক্ষকগৰাকীয়ে কাম কৰি আহিছে দেশৰ ভিন্ন প্ৰান্তত ৷

State award to teacher from Biswanath
শিক্ষক ৰিপুঞ্জয় বৰদলৈক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত (ETV Bharat Assam)

তেজপুৰ, ৪ ছেপ্টেম্বৰ : বিশ্বনাথ জিলাৰ অতি ভিতৰুৱা অঞ্চল চেঙামাৰী । যাতায়তৰ ক্ষেত্ৰত অতিকৈ পিছপৰা অঞ্চলটোৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা প্ৰদান কৰি আহিছে বিজ্ঞানৰ নিষ্ঠাৱান শিক্ষকগৰাকীয়ে ৷ ৰিপুঞ্জয় বৰদলৈক ২০২৪ চনৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে নিৰ্বাচিত কৰিছে । ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকৰ ভিতৰত ৰিপুঞ্জয় বৰদলৈয়ে স্থান পোৱাক লৈ এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বনাথত ।

বৰ্তমান চৰকাৰী বিদ্যালয়ৰ শিক্ষা :

এই আনন্দৰ মুহূৰ্তত শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ই টিভি ভাৰতক জনাই যে শিক্ষকৰ দৰে এক পৱিত্ৰ বৃত্তিত নিজকে নিয়োজিত কৰাৰ লগতে বিজ্ঞানৰ যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ জ্ঞান বিলাই আহিছে তেওঁ ৷ নিজ বিদ্যালয়ৰ উপৰিও অসমৰ চুকে-কোণে থকা বিভিন্ন বিদ্যালয়, অনুষ্ঠানৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইত বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছে শিক্ষকগৰাকীয়ে ৷ তেওঁ কয়, ‘‘চৰকাৰী বিদ্যালয়ৰ শিক্ষা যথেষ্ট উন্নত যদিও বহু সময়ত শিক্ষকসকলে বিভিন্নধৰণৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীক বহু সুবিধা প্ৰদান কৰিব নোৱাৰে ।’’ আনহাতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত ৰিপুঞ্জয় বৰদলৈয়ে কয় যে শিক্ষা ব্যৱস্থাটো শিক্ষাকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে পৰিৱৰ্তে শিশুকেন্দ্ৰিক হ’ব লাগে ৷

গুণমুগ্ধৰ শুভেচ্ছা :

ৰিপুঞ্জয় বৰদলৈয়ে লাভ কৰা বঁটাৰ বাবে বিশ্বনাথ, চতিয়াৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ ৰিপুঞ্জয় বৰদলৈক এই বঁটা প্ৰদান কৰি অসম চৰকাৰে তেখেতক ন-উদ্যমেৰে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত আৰু সক্ৰিয়ভাৱে লগাত সহায় কৰিব বুলি শিক্ষাবিদসকলে আশা প্ৰকাশ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে নিজকে উৎসৰ্গা কৰা ৰিপুঞ্জয় বৰদলৈৰ এই বঁটা বিশ্বনাথৰ বিজ্ঞান কৰ্মী আৰু শিক্ষকসকলৰ বাবে এক উপহাৰ বুলি ক'ব পাৰি ।

বিশ্বনাথ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে দল-সংগঠনে ৰিপুঞ্জয় বৰদলৈৰ কৰ্মৰাজিৰ স্বীকৃতি প্ৰদানত সন্তুষ্টি ব্যক্ত কৰি শিক্ষকগৰাকীক অভিনন্দন জ্ঞাপন কৰে । ৰিপুঞ্জয় বৰদলৈয়ে ইয়াৰ আগতে উত্তৰ-পূব পৰিৱেশ শিক্ষাকেন্দ্ৰৰ পৰা শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষকৰ বঁটা-২০১৩, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত বিজ্ঞান কৰ্মী বঁটা-২০১৯ চনত লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।

উল্লেখযোগ্য যে অহা ৫ ছেপ্টেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বঁটাৰ বাবে নিৰ্বাচিত ৮ গৰাকী মাধ্যমিক আৰু ৫ গৰাকী প্ৰাথমিক শিক্ষকক এই বঁটা প্ৰদান কৰিব ।

লগতে পঢ়ক : ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক দ্বীপেন খনিকৰ

জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান

বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.