ETV Bharat / state

বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ - Bishal Phukan Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 2:33 PM IST

Bishal Phukan Arrested : অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশাল সম্পত্তি গঢ়া বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ । তদন্তৰ বাবে পলাতক চুমী বৰাৰ ভাতৃক তলৱ ৷

Bishal Phukan Arrested
বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ৪ ছেপ্টেম্বৰ : মাত্ৰ ২২ বছৰ বয়সতে অনলাইন ট্ৰেডিঙৰ জৰিয়তে কোটিপতি হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাচতেই ৰাজ্যজুৰি হাহাকাৰ লাগি পৰিছে । আনহাতে, এই ক্ষেত্ৰত মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাচতে ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা চলায় বিশাল ফুকনক ।

ইফালে অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশাল সম্পত্তি গঢ়া বিশাল ফুকনক বুধবাৰে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰা লৈ যোৱা হৈছে । আদালতত হাজিৰ কৰা পিচতেই আৰক্ষীয়ে প্ৰৱঞ্চনাৰ কাহিনীৰ অধিক তথ্য লাভৰ বাবে বিশাল ফুকনক নিজৰ জিম্মাত ল'বৰ বাবে আবেদন কৰিব ।

কিয়নো এইগৰাকী বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল । ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছে অভিনেত্ৰী চুমী বৰাৰ । বৰ্তমান পলাতক হৈ আছে চুমী বৰা । আৰক্ষীৰ মতে, বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাৰ লগত আৰু বহু লোক জড়িত আছে ।

বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পাচতে আৰক্ষীয়ে পুনৰ বিশাল ফুকনক জেৰা চলাব । ইয়াৰ পিচতে অনলাইন ট্ৰেডিঙৰ এই বিষয়টোৰ লগত জড়িত অধিক ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা সোমবাৰে নিশা ডিব্ৰুগড় সদৰ থানা আৰক্ষীয়ে বিশাল ফুকনক আটক কৰিছিল । কিন্তু সেই সময়ৰে পৰাই পলাতক হৈ আছে অভিনেত্ৰী চুমী বৰা । অৱশ্যে চুমী বৰাক বিচাৰি বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাইছে যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

আনহাতে, বুধবাৰে চুমী বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাক ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে তলৱ কৰিছে । ডিব্ৰুগড় আৰক্ষীয়ে তলৱ কৰিছে ৰাজীৱ বৰাৰ লগতে তেওঁৰ পত্নীকো । অভিযোগ অনুসৰি, ৰাজীৱ বৰাই বিশাল ফুকনৰ সৈতে এটা কোম্পানী খুলিছিল । চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰাৰ সৈতে বিশালে পাৰচেলিয়া নামৰ এটা ঔষধ কোম্পানী আৰম্ভ কৰিছিল । এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে এই ঔষধ কোম্পানীটোত বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ ধন বিনিয়োগ কৰিছে । প্ৰয়োজন হ'লে চুমী বৰাৰ ভাতৃক আটক কৰা হ'ব বুলিও জানিবলৈ দিছে আৰক্ষীয়ে ।

আৰক্ষীৰ মতে, বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ সমগ্ৰ ঘটনাৰ মূল মানুহ আছিল চুমী বৰা । ধনৱান গ্ৰাহকক বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল চুমী বৰাই । আৰু বিশালে সংগ্ৰহ কৰা ধন লৈ চুমী বৰাই সম্পত্তি ক্ৰয় কৰাৰ লগতে ৰাজকীয় বিয়া অনুষ্ঠিত কৰিছিল । সেয়ে চুমী বৰাক গ্ৰেপ্তাৰ কৰিব পাৰিলেহে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আনহাতে, এই অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পাচতে ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতি নামৰ আন এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে ।

ৰঞ্জিত কাকতিক আটক কৰা পাচতেই তেওঁক বিচাৰি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় Trading FX-ত ৰঞ্জিত কাকতিৰ ওচৰত বিনিয়োগ কৰা ভুক্তভোগী । ইফালে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে Trading FX নামৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰা পাচতে আৰক্ষীয়ে আটক কৰি সদৰ থানাত জেৰা চলাইছে ।

ৰঞ্জিত কাকতিৰ Trading FX নামৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা এগৰাকী ভুক্তভোগীয়ে কয়, "অসমৰ লগত বহিঃৰাজ্যৰ বহু লোকে Trading FX-ত ধন বিনিয়োগ কৰিছিল । প্ৰথম অৱস্থাত ধন ভালদৰে ঘূৰাই দিছিল । কিন্তু পিচত বিভিন্ন অজুহাত দেখুৱাই কোম্পানীটো বন্ধ কৰি দিলে । এই বছৰ জুলাই মাহৰ পৰাই বন্ধ হৈ আছে Trading FX । কিন্তু ৰঞ্জিত কাকতিয়ে Trading FX নামৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাসকলক ধন ঘূৰাই দিয়া নাই ।"

লগতে পঢ়ক :বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam
লগতে পঢ়ক :দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ: কেইবা কোটি আত্মসাতৰ অভিযোগ ভুক্তভোগীৰ - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.