ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে বাইক লৈ ৰাজপথলৈ ওলাল মৰাণ ছাত্ৰ সন্থা - ALL MORAN STUDENTS UNION PROTEST

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 6:14 PM IST

Bike Rally in Tinsukia : বিজেপি চৰকাৰৰ প্ৰতি মোহভংগ মৰাণ ছাত্ৰ সন্থাৰ ৷ জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী ৷

ALL MORAN STUDENTS UNION PROTEST
মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, 16 জুলাই: চৰকাৰ আহে আৰু যায় ৷ পিছে মৰাণ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতিহে প্ৰদান নকৰে ৷ পূৰ্বতে জনগোষ্ঠীটোৰ সৈতে জড়িত অধিকাংশ দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিও লাভালাভ নোপোৱা দেখা গৈছে ৷ চৰকাৰৰ এই ভূমিকাত অতিষ্ঠ হৈ মঙলবাৰে ৰাজপথলৈ ওলাই আহিল সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ৷

জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবী (ETV Bharat Assam)

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী হৈছে জনগোষ্ঠীটোক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা ৷ পিছে বহুবাৰ চৰকাৰ সলনি হোৱাৰ পিচতো কিন্তু এই সমস্যাৰ কোনো সমাধান লাভ নকৰিলে জনগোষ্ঠীটোৱে ৷

লগতে পঢ়ক: প্ৰতিবাদকাৰীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত উত্তাল তিনিচুকীয়া - Protest continues in Tinsukia

প্ৰতিখন চৰকাৰৰ পৰা জনগোষ্ঠীটোৱে মাথো লাভ কৰি থাকিল জনজাতিকৰণৰ আশ্বাস ৷ চৰকাৰৰ এই ভূমিকাত অতিষ্ঠ সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদে অৱশেষত ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিবলৈ বাধ্য হ’ল প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীসকলে মৰাণ জনগোষ্ঠীটোক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসন প্ৰদান আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰৰ পৰা বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ এক বিশাল মটৰচাইকেল ৰেলী বাহিৰ কৰে ৷ তিনিচুকীয়া চহৰ পৰিভ্ৰমণ কৰাৰ পাচত অসম ৰাজ্যিক বাছ আস্থানৰ সমীপত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰেলীটোৰ সামৰণি মাৰে ৷

উক্ত মটৰচাইকেল সমদলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সাধাৰণ সম্পাদক জয়কান্ত মৰাণকে প্ৰমুখ্যে কৰি মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়াসকলে মৰাণ জনগোষ্ঠীটোক বিনাচৰ্তে কেন্দ্ৰ-ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ - Moran Students Union Press Meet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.