ETV Bharat / state

কিয় ভূপেন বৰাৰ মুখত মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগ ? - Congress slams Assam CM - CONGRESS SLAMS ASSAM CM

Assam cm controversy: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সকিয়নী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে ভয় নকৰে বুলি স্পষ্ট কৰি দিয়ে সভাপতিৰাকীয়ে ৷ সভাপতিৰ মুখত মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগ ৷

ETV Bharat Assam
ভূপেন বৰাৰ মুখত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ প্ৰসংগ: কিয়? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:25 AM IST

গুৱাহাটী, 5 আগষ্ট: ‘‘কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা নহয় গোটেই বিজেপি আৰু আৰ এছ এছকো ভয় নকৰে । কংগ্ৰেছ যদি ভয় কৰে অসমৰ ৰাইজক কৰে । দুৰ্নীতিৰ সকলো তথ্য ৰাইজৰ আগত ডাঙি ধৰা হ'ব । পগলা কুকুৰে কামোৰা বেজি প্ৰয়োজন হ'লে কংগ্ৰেছে নিজে গোটাই ল'ব ৷" - দেওবাৰে এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

ভূপেন বৰাৰ মুখত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ প্ৰসংগ: কিয়? (ETV Bharat Assam)

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল ত্যাগ কৰাসকলক উদ্দেশ্যি কৈছিল, "কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বিষম হ'ব । ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা মানুহ যায় সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰিম ৷" মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰত দেওবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই ।

দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ পগলা কুকুৰক জোকাই নল'ব বুলি কংগ্ৰেছক সকিয়নী প্ৰদান কৰিছিল । যিমানে জোকাব তাতকৈ বেছিকৈ জোঁকাৰি যাম বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰিছিল ।

মুখ্যমন্ত্রীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ভূপেন বৰাই পুনৰ কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই কংগ্ৰেছক ধমকি দিয়াৰ চেষ্টা কৰিছে । ক্ষমতাৰ ৰাগীত অন্ধ হৈ নিজকে বলিয়া কুকুৰ বুলি ক'বলৈও অলপো কুণ্ঠাবোধ কৰা নাই । এটা সভ্য, সংস্কৃতিবান জাতিৰ গণতান্ত্ৰিকভাবে নিৰ্বাচিত এজন মুখ্যমন্ত্রীয়ে নিজকে বলিয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্বাৰ বাবে চিন্তাৰ বিষয় । আমি কংগ্ৰেছ দলৰ পৰা অসমৰ স্বাস্থ্য আয়ুক্তক আহ্বান জনাও যে অসমৰ প্ৰত্যেকখন হাস্পতালত বলিয়া কুকুৰে কামোৰিলে প্ৰয়োজন হোৱা বেজি সহজলভ্য কৰক ।"

যুঁজ হ'ব বুলি দাবী কৰি সভাপতি ভূপেন বৰাই কয়, "দুৰ্নীতি শিপাই-পঘালিয়ে উভালি পেলোৱা হ'ব । কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব । এই কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মাক গুলীয়াই হত্যা কৰাৰ পাচত বহি থকা নাছিল । কংগ্ৰেছে জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰত লেখনলাল ডাঙৰীয়াক হত্যা কৰাৰ পাচত বহি থকা নাছিল ৷ কংগ্ৰেছৰ ইতিহাস যদি কোনোবাই পাহৰিছে মই মনত পেলাই দিব বিচাৰিছো ।"

লগতে পঢ়ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক: মুখ্যমন্ত্রী - Himanta Biswa Sarma

পৃথিৱী বিখ্যাত ফেইল কৰিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Assam Flood 2024

বিজেপিৰ পুৰণি নেতা-কৰ্মীৰে গোলাঘাটত ৰাজেন গোঁহাইৰ গোপন বৈঠক - Rajen Gohain

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.